Watch | Barpeta, Bajali district, there is an outbreak of Japanese encephalitis, malaria, and dengue: বৰপেটা, বজালী জিলাত জাপানীচ এনকেফেলাইটিছ, মেলেৰীয়া, ডেংগুৰ আতংক

বৰপেটাৰোড: বৰপেটা, বজালী জিলাত জাপানীচ এনকেফেলাইটিছ, মেলেৰীয়া, ডেংগুৰ আতংক ।
জিলা দুখনত ইতিমধ্যে মৃত্যু হৈছে ১০ গৰাকী লোকৰ ।
২০ জনৰো অধিক লোক চিকিৎসাধীন অৱস্থাত আছে ।
বৰপেটা জিলাত ৭ গৰাকী লোকৰ মৃত্যু আনহাতে বজালীত ৩ গৰাকী জাপানীচ এনকেফেলাইটিছত আক্রান্ত হৈ মৃত্যু।
বৰ্তমানলৈকে বৰপেটা জিলা আক্ৰান্তৰ সংখ্যা ১৫ গৰাকী বিপৰীতে বজালী জিলাত ৫ গৰাকী।
যাক লৈ ইতিমধ্যে স্বাস্থ্য বিভাগে আৰম্ভ কৰিছে কেতবোৰ সজাগতামূলক কাৰ্যসূচী ।
ধোৱাময় কৰি তোলা হৈছে বানিজ্য নাৰি বৰপেটা ৰোড চহৰ ।
জিলা দুখনৰ এশ খনতকৈ অধিক গাওঁত লোৱা হৈছে এই পদক্ষেপ ।
সমান্তৰালকৈ ভিন্ন সজগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে বৰপেটা আৰু বজালী জিলাত ।
লগতে পঢ়ক: Watch | Women missing in Rangapara: ৰঙাপৰাত তিনি সন্তানৰ মাতৃ নিৰুদ্দেশ