Local, Vocal, Global

বেংকৰ ঋণ কেলেংকাৰিত অভিযুক্ত অশোক শইকীয়াক গ্রেপ্তাৰ

প্রাক্তন মুখ্যমন্ত্রী প্রয়াত হিতেশ্বৰ শইকীয়াৰ সৰুমটৰীয়াস্থিত বাসগৃহত দেওবাৰে চলিল চি.বি.আইৰ অভিযান ৷ দিনৰ ভাগৰ পৰা সন্ধিয়ালৈ দীর্ঘসময় ধৰি চলোৱা অভিযানৰ অন্তত আছাম ষ্টেট কো–পাৰেটিভ এগ্রিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট বেংক (এছকার্ড)ৰ এক ঋণ কেলেংকাৰি গোচৰ সন্দর্ভত প্রাক্তন মুখ্যমন্ত্রী প্রয়াত হিতেশ্বৰ শইকীয়াৰ পুত্র অশোক শইকীয়াক দেশৰ সর্বোচ্চ অনুসন্ধানকাৰী সংস্থাটোৱে গ্রেপ্তাৰ কৰে ৷ সম্প্রতি অশোক শইকীয়াক বেতকুছিস্থিত চি বি আইৰ কার্যালয়ত সোধা–পোছা কৰি থকা হৈছে ৷

উল্লেখ্য যে ১৯৯৫–৯৬ বিত্তীয় বর্ষত এইচ পি এছ প্রাইভেট লিমিটেডৰ সঞ্চালক হিচাপে লোৱা ৯,৩৭,৭০১ টকাৰ ঋণ পৰিশোধ নকৰা আৰু মেছার্ছ আছাম ফুড প্রডাক্টছ লিমিটেড নামৰ সংস্থাটোৰ মুখ্য কার্যবাহী সঞ্চালক হিচাপে প্রৱঞ্চনা কৰাৰ অভিযোগ তুলি এছকার্ডৰ মুখ্য কার্যবাহী বিষয়া এন এন বৰকাকতিয়ে অশোক শইকীয়াৰ বিৰুদ্ধে পল্টন বজাৰ আৰক্ষী থানাত ১৯৯৮ চনৰ ৬ এপ্রিলত দুখন এজাহাৰ দাখিল কৰিছিল ৷ এই এজাহাৰ দুখনৰ বিপৰীতে পল্টন বজাৰ আৰক্ষী থানাত ১৯৯/৯৮ আৰু ২০২/৯৮ নম্বৰৰ দুটাকৈ গোচৰ পঞ্জীয়ন হয় ৷ পৰৱর্তী সময়ত ২০০১ চনত এই গোচৰ দুটা চি.বি. আইলৈ হস্তান্তৰ কৰা হৈছিল ৷ চি.বি.আইৰ কলকাতাস্থিত কার্যালয়ে ইয়াৰ তদন্তৰ দায়িত্ব লৈ ক্রমে আৰ চি ৫/ই/২০০১–কলকাতা আৰু আৰ চি ৬/ই/২০০১–কলকাতা নম্বৰৰ গোচৰ দুটা নিজাববীয়াকৈ ৰুজু কৰে৷ ২০০৫ চনৰ ১৭ জুনত ৯/২০০৫ নম্বৰৰ চার্জশ্বীট দাখিল কৰাৰ পাছত আৰ চি ৬/ই/২০০১–কলকাতা নম্বৰৰ গোচৰটোৰ বিপৰীতে গুৱাহাটীস্থিত চি.বি.আইৰ বিশেষ ন্যায়াধীশৰ আদালতে ২০১৩ চনৰ ১ অক্টোবৰত ৰায় দিছিল ৷