পুৱা ১০ বজাৰ পৰিৱর্তে ৯ বজাৰ পৰা আৰম্ভ হ’ব বেংকৰ লেনদেন

ষ্টেট বেংককে ধৰি অসমত সকলো বেংকৰ কামৰ সময়সূচী সলনি কৰা হৈছে ৷ আজিৰ পৰা অহা ৫ জুনলৈ এই সময়সূচী সলনি কৰা হৈছে ৷পুৱা ১০ বজাৰ পৰিৱর্তে ৯ বজাৰ পৰা আৰম্ভ হ’ব বেংকৰ লেনদেন ৷ এইকেইদিন পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১ বজালৈ চলিব বেংকৰ কাম–কাজ৷ এই সময়ছোৱাত বেংকসমূহত টকা জমা কৰা, উলিওৱা, চেক ক্লীয়াৰ আদি কাম সম্পাদিত হ’ব ৷ আংশিক লকডাউনৰ পৰিপ্রেক্ষিতত ৰাজ্য চৰকাৰৰ সৈতে আলোচনা কৰি ষ্টেট লেভেল বেংকার্ছ কমিটীয়ে এই সিদ্ধান্ত গ্রহণ কৰিছে ৷