Local, Vocal, Global

Bangladeshi nationals arrested from Dhing : ধিঙত গ্ৰেপ্তাৰ বাংলাদেশী নাগৰিক; চোৰাং গৰু সৰবৰাহত জড়িত বাংলাদেশী নাগৰিকজন

ধিং,৮আগষ্ট : ধিঙত গ্ৰেপ্তাৰ বাংলাদেশী নাগৰিক। হুমায়ুন কবিৰ নামৰ বাংলাদেশী নাগৰিকজনক গ্ৰেপ্তাৰ কৰে ধিং আৰক্ষীয়ে। বাংলাদেশীজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে এটা মবাইল হেণ্ডচেটৰ লগতে দুখন বাংলাদেশী ছিম কাৰ্ড(Bangladeshi nationals arrested from Dhing) ।

বাংলাদেশৰ চিলেট জিলাৰ পৰা মেঘালয়ৰ ডাউকী হৈ ভাৰতত প্ৰবেশ কৰে বাংলাদেশী নাগৰিক হুমায়ুন কবিৰে । মেঘালয়ৰ পৰা গৰু ব্যৱসায়ৰ বাবে অসমত প্ৰবেশ কৰিছিল বাংলাদেশীটোৱে ।

জানিব পৰা মতে, চোৰাং গৰু সৰবৰাহত জড়িত বাংলাদেশী নাগৰিকজন। বজাৰত গৰু ক্ৰয় কৰিবলৈ আহোঁতেই গ্ৰেপ্তাৰ বাংলাদেশৰ ছিলেট জিলাৰ বাসিন্দা হুমায়ুন কবিৰ।

৪ আগষ্টত মেঘালয়ৰ ডাউকী সীমান্তৰে ভাৰতত অবৈধ প্ৰৱেশ হুমায়ুনৰ। ইপিনে চোৰাং গৰু সৰবৰাহৰে জড়িত আন ৩ অসমৰ নগৰিককো গ্ৰেপ্তাৰ। গ্ৰেপ্তাৰ নগাঁৱৰ খাটোৱালৰ আবুল হুছেইন, মুকবুল হুছেইন, মতিবুৰ ৰহমান। উল্লেখ্য যে, হুমায়ুন কবিৰে ক্ৰয় কৰা ৯ টাকৈ গৰু জব্দ কৰে ধিং আৰক্ষীয়ে(Bangladeshi nationals arrested from Dhing) ।

লগতে পঢ়ক : Burmese supari seized : লামডিং ৰে’লৱে জংচনত জব্দ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি