Burmese supari seized : লামডিং ৰে’লৱে জংচনত জব্দ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি
নিউজ ডেস্ক,৮আগষ্ট : ৰাজ্যত অব্যাহত আছে অবৈধ সামগ্ৰীৰ ৰমৰমীয়া বেহা। ৰাজ্যত নিতৌ সৰবৰাহ হৈ আছে অবৈধ সামগ্ৰী ।
ৰাজ্যত চলি আছে বাৰ্মিজ চুপাৰিৰ চোৰাং বেহা। পুনৰ লামডিং ৰে’লৱে জংচনত আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি ৷
লামডিং আৰক্ষী আৰু ৰে’ল আৰক্ষীৰ যৌথ অভিযানত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ চুপাৰিখিনি(Burmese supari seized)৷
উল্লেখযোগ্য যে ডিমাপুৰৰ পৰা বহি:ৰাজ্যলৈ ৰে’লযোগে ৰে’লৱে পাৰ্চেলত সৰবৰাহ কৰা হৈছিল চুপাৰিখিনি ৷ ২০৫০৩ নামনিমুৱা ডিব্ৰুগড় নিউ দিল্লী ৰাজধানী এস্কপ্ৰেছ ৰে’লৰ পৰা জব্দ কৰা হয় চুপাৰিখিনি। ৰে’লখনৰ পৰা প্ৰায় ৪০টা বস্তাত ৪০কুইন্টল চুপাৰি জব্দ কৰে আৰক্ষীয়ে।
লগতে পঢ়ক : Road Accident in Jamugurihat : নিয়ন্ত্ৰন হেৱৰুৱাই দ খাৱৈত বাগৰি পৰিল বাইক;নিহত ২জন যুৱক,আহত ১জন