Local, Vocal, Global

Constituency Delimitation 2023 : লাহোৱাল সমষ্টি বিলুপ্তিকৰণৰ বিৰুদ্ধে প্ৰতিবাদ

নিউজ ডেস্ক, ২৮ জুন : সমষ্টি পুনৰ নিৰ্ধাৰণক কেন্দ্ৰ কৰি ৰাজ্যজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়া অব্যাহত আছে । ঠায়ে ঠায়ে চলি আছে প্ৰতিবাদ(Constituency Delimitation 2023) । ২৭ জুনত সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতাৰে বৰাক বন্ধ ঘোষণা কৰাৰ পাছত আজি পুনৰ ১২ ঘণ্টীয়া লাহোৱাল সমষ্টি বন্ধ ঘোষণা কৰা হৈছে(Constituency Delimitation 2023)।

ডিব্ৰুগড়ৰ লাহোৱাল সমষ্টি বিলুপ্তিকৰণৰ বিৰুদ্ধে সমষ্টিবাসীৰ প্ৰতিবাদ (Constituency Delimitation 2023) ৷ ৰাইজৰ আহ্বানমৰ্মে বুধবাৰৰ পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ ১২ ঘন্টীয়া বন্ধ ঘোষণা কৰা হয় সমষ্টিত (12-hour bandh declared in Lahwal constituency)। প্ৰতিবাদকাৰীসকলে ঠায়ে ঠায়ে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ।

উল্লেখ্য যে, ৰাজ্যৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে নিৰ্বাচন আয়োগে খচৰা প্ৰকাশ কৰাৰ পিচতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷ ভাৰতীয় নিৰ্বাচন আয়োগে সমষ্টি নিৰ্ধাৰণৰ প্ৰথমখন খচৰা প্ৰকাশৰ পিছতে লাহোৱাল সমষ্টি বিলুপ্তিকৰণৰ খবৰ বিয়পি পৰাত সমষ্টিৰ ৰাইজে বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছে । ১২ ঘন্টীয়া বন্ধৰ ফলত লাহোৱালত থকা শিক্ষানুষ্ঠান, ব্যৱসায়-প্ৰতিষ্ঠান আদি সকলো বন্ধ হৈ থকা দেখিবলৈ পোৱা গৈছে । ইফালে লাহোৱাল আৰক্ষীয়ে বন্ধ সমৰ্থনকাৰীলৈ আইনী জাননী প্ৰেৰণ কৰিছে বুলিও জানিবলৈ পৰা গৈছে ।

উল্লেখ্য যে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ পোৱাৰ পাছতে লাহোৱাল সমষ্টিৰ ৰাইজে এই সমষ্টি বিলুপ্তিৰ বিৰুদ্ধে অৱস্থান ধৰ্মঘট কৰি প্ৰতিবাদ সাব্যস্ত কৰে । ১৯৫৭ চনতে গঠিত লাহোৱাল সমষ্টি বিলুপ্তিকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰাত মুকলি ক্ষোভ ,অসন্তুষ্টি প্ৰকাশ কৰিছে সমষ্টিবাসীয়ে । বহুতে লাহোৱাল সমষ্টিৰ বিজেপি বিধায়ক বিনোদ হাজৰিকাই নিমাতী কন্যাৰ ভূমিকা গ্ৰহণ কৰাত তীব্ৰ সমালোচনা কৰিছে ।

ইয়াৰোপৰি, বিধায়কগৰাকীৰ নিজা সমষ্টিটো বিলুপ্তিকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পাছতো মৌনব্ৰত ধাৰণ কৰি অহাত ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে । আৰক্ষীয়ে বন্ধ কাৰ্যসূচীত বাধা প্ৰদানৰ চেষ্টা কৰিছে যদিও ১২ ঘন্টীয়া বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে সমষ্টিটোত ।

উল্লেখ্য যে এই সমষ্টিটো মুঠ চাৰিটা ভাগত বিভক্ত কৰি টিংখং, চাবুৱা, ডিব্ৰুগড় আৰু দুলীয়াজান সমষ্টিৰ অন্তৰ্ভুক্ত কৰা হৈছিল । সেয়ে ইয়াৰ বিৰুদ্ধে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি আজি ১২ ঘণ্টীয়া লাহোৱাল বন্ধ ঘোষণা কৰা হৈছে । পুৱা ৫ বজাৰ পৰা বিয়লি ৫ বজালৈ এই বন্ধৰ কাৰ্যসূচী বাহাল থাকিব।

লগতে পঢ়ক : Fire at Sonapur Dichang Resort : সোণাপুৰৰ পাটৰকুছিস্থিত দিচাং ৰিজৰ্টত ভয়ংকৰ অগ্নিকাণ্ড