Local, Vocal, Global

বলৰাম-নজিৰ দুই বন্ধুৱে ড্ৰাগছৰ ব্যৱসায় কৰি ঘৰ চলাই, আজি পৰিল জালত

নিউজ ডেস্ক: হোজাইত ক্ৰমাৎ বৃদ্ধি পাইছে ড্ৰাগছৰ অবৈধ বেহা। নিতৌ ড্ৰাগছ ব্যৱসায়ী ধৰা পৰাৰ ঘটনাই ইয়াকে প্ৰমাণ কৰে৷ আজি হোজাই আৰক্ষীয়ে পুনৰ ড্ৰাগছ বিৰোধী অভিযান চলাই সফলতা লাভ কৰিছে৷ হোজাই নগেন্দ্ৰ নগৰত বলৰাম দেৱনাথৰ ঘৰত আৰক্ষীয়ে অভিযান চলাই ৫০টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ আৰু ২টা ড্ৰাগছ ভৰ্তি চাদাৰ টেমা উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে বলৰাম দেৱনাথৰ লগত গ্ৰেপ্তাৰ কৰে নজিৰ হুছেইন নামৰ এজনক।
জব্দ কৰা ড্ৰাগছ খিনিৰ মূল্য প্ৰায় ১ লাখ টকা বুলি আৰক্ষীয়ে জানিব দিয়ে। দুদিনত আৰক্ষীয়ে চাৰিজনক গ্ৰেপ্তাৰ কৰি অব্যাহত ৰাখিছে তদন্ত।