Local, Vocal, Global

গুৱাহাটীত অহা দুটা দিনত ঘৰৰ পৰা ওলোৱাৰ পূৰ্বে পঢ়ক এই বাতৰি

নিউজ ডেস্ক: ১৩ অক্টোবৰত অসমলৈ আহিব ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মুৱে৷ ১৩ অক্টোবৰৰ পৰা দুটা দিন অসমতে কটাব দ্ৰোপদী মুৰ্মুৱে৷ ৰাষ্ট্ৰপতিৰ অসমত থকাৰ সময়তে ৰাজধানী গুৱাহাটীত বিভিন্ন কাৰ্যসূচীত সময় কটাব৷ ইপিনে গুৱাহাটীত ৰাষ্ট্ৰপতি থকাৰ সময়তে আইন-শৃংখলা নিয়ন্ত্ৰণ কৰিবৰ বাবে সষ্টম হৈছে গুৱাহাটী আৰক্ষী৷ ১৩ আৰু ১৪ অক্টোবৰত গুৱাহাটী যানবাহন আৰক্ষীয়ে বিশেষভাৱে পথ নিৰ্দেশনা প্ৰদান কৰিছে। গুৱাহাটীত কাৰ্যসূচীত মহানগৰৰ মাজেৰে কনভয় আহ-যাহ কৰিব ৰাষ্ট্ৰপতিৰ৷ সেয়েহে মহানগৰ আৰক্ষীয়ে যান–বাহনৰ চলাচলৰ ক্ষেত্ৰত কঠোৰ নিৰ্দেশনা দিছে৷ ১৩ অক্টোবৰত (বৃহস্পতিবাৰ) ৬ চকীয়া বা তাতকৈ বেছি চকাৰ বাণিজ্যিক বাহন ২৭ নং আৰু ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত চলাচল কৰিব নোৱাৰিব৷ পুৱা ৮ বজাৰ পৰা নিশা ১০ বাজি ৩০ মিনিটলৈ এই নিৰ্দেশনা কাৰ্যকৰী হ’ব। তদ্ৰুপ ১৪ অক্টোবৰৰ (শুকুৰবাৰ) পুৱা ৮ বজাৰ পৰা নিশা ৯ বজালৈ বাহনৰ চলাচল বন্ধ থাকিব। ইপিনে ১৪ অক্টোবৰৰ (শুকুৰবাৰ) পুৱা ৮ বজাৰ পৰা ১২.৩০ বাজলৈ মহানগৰীৰ অতি ব্যস্ত বি বৰুৱা ৰোড, জি.এছ ৰোড, পাঞ্জাবাৰী ৰোড. ডি.জি ৰোড, এ.টি ৰোড, এম.জি ৰোড, কে.এল.বি ৰোড, তৈয়বুল্লা ৰোড, জি এন.বি ৰোড বন্ধ থাকিব৷ এই সময়ত সকলো বাণিজ্যিক তথা সামগ্ৰী কঢ়িওৱা বাহনৰ চলাচল কঠোৰ ভাৱে বন্ধ ৰখাৰ নিৰ্দেশ দিছে গুৱাহাটী যান-বাহন আৰক্ষীয়ে।