বজালীৰ পাঠশালাত ‘বজালী কাৰাটে-ড’ৰ ব্যতিক্ৰমী প্ৰয়াস
দেশৰ বিভিন্ন প্ৰান্তত নাৰীৰ ওপৰত সঘনাই চলি থকা ধৰ্ষণ-হত্যা আদি ঘটনাত ভুলুণ্ঠিত হৈ আহিছে আমাৰ ঐতিহ্য পৰম্পৰা৷ সুযোগ বুজি একাংশ নৰপিশাচে চলাই আহিছে অমানৱীয় অত্যাচাৰ উৎপীড়ণ৷ নাৰীসকলৰ সৰলতা তথা শাৰীৰিক-মানসিক দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি এনেদৰে উৎপীড়ণ চলাই অহা সমাজবিৰোধী লোকসকলৰ বিৰুদ্ধে পাঠশালাত “বজালী কাৰাটে-ড” নামৰ এটি অনুষ্ঠানে অৰ্ধশতাধিক ল’ৰা-ছোৱালীক আত্মৰক্ষাৰ বাবে প্ৰশিক্ষণ দি আহিছে বিভিন্ন সমাৰকলাৰ ৷কাৰাটে, জুদো ,টাইকোয়াণ্ড’ আদি থকা আত্মৰক্ষাৰ কৌশলবোৰ শিকাই প্ৰতিগৰাকী প্ৰশিক্ষাৰ্থীকে গঢি তুলিছে একো-একোগৰাকী বীৰাংগণা হিচাপে৷।অধ্যয়নৰ মাজতো কঠোৰ শাৰীৰিক অনুশীলনত ব্যস্ত হৈ পৰিছে এজাক ৪ বছৰৰ পৰা ২২ বছৰীয়া ল’ৰা-ছোৱালী৷ এই ছোৱালীবোৰক প্ৰশিক্ষণ দিছে বিনা বেতনে পাঠশালাৰ অৰ্ণৱ জান শৰ্মাই৷ সম্পূৰ্ণ বিনামুলীয়াকৈ দিয়া হৈছে এই প্ৰশিক্ষণ৷ সকলোৱে ভূয়শী প্ৰশংসা কৰিছে৷ নাৰী শক্তিক জাগ্ৰত কৰিবলৈ আৰু বিপদৰ সময়ত নিজকে ৰক্ষা কৰিলৈ এই সমাৰকলাৰ প্ৰশিক্ষণ অঞ্চলটোৰ ইচ্চুক ছোৱালীবোৰক সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিছে প্ৰশিক্ষক বৰপেটা জিলা কাৰাটে ড’ সন্থাৰ সহকাৰী সম্পাদক অৰ্ণৱ জান শৰ্মাই। এক গাম্ভৰ্য্যপূৰ্ণ অনুষ্ঠানত উপস্থিত থাকে বজালীৰ বিশিষ্ট সমাজকৰ্মী, অধিবক্তা গিৰীধৰ চৌধুৰী, অসম চৰকাৰৰ বন আৰু পৰিৱেশ বিভাগৰ ব্ৰেণ্ড এম্বেচাদৰ আনন্দ খাটনিয়াৰ, টুটুল মানৱ উপস্থিত থাকে।