Local, Vocal, Global

কাৰ্বি আংলঙত বনৰীয়া হাতীৰ উপদ্ৰৱ

বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত পশ্চিম কাৰ্বি আংলঙত ।  নিশা বনৰীয়া হাতীৰ বৃহৎ জাক এটাই পশ্চিম কাৰ্বি আংলঙৰ মেনমেজিত উপদ্ৰৱ চলাই বহুকেইটা বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে ৷ মেনমেজি বহুমুখী সমবায় সমিতিৰ চাউল খায় তহিলং কৰাৰ লগতে চৌহদৰ দেৱাল  ভাঙি বিস্তৰ ক্ষতিসাধন কৰে। ইফালে দৰিদ্ৰক বিতৰণৰ বাবে ৰখা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ বহুকেইবস্তা চাউল খোৱাৰ লগতে গচকী আৰু য’তে-ত’তে সিচৰতি কৰি বিনষ্ট কৰে। তদুপৰি তিনিটাকৈ পৰিয়ালৰ বাসগৃহও ভাঙি লণ্ডভণ্ড কৰাৰ লগতে মজুত ৰখা ভঁৰালৰ ধান খায় তহিলং কৰে হাতীৰ জাকটোৱে ৷