Local, Vocal, Global

বদৰুদ্দিন আজমলে আগবঢ়োৱা ১ লাখ টকাৰ সাহায্য গ্ৰহণ নকৰিলে

বদৰুদ্দিন আজমলে আগবঢ়োৱা ১ লাখ টকাৰ সাহায্য গ্ৰহণ নকৰিলে ডাঃ সেউজ সেনাপতিৰ পৰিয়ালে।চিকিৎসাধীন হৈ থকা ডাঃ সেউজ সেনাপতিয়ে মাতৃক কয় যে,”বদৰুদ্দিন আজমলে আগবঢ়োৱা এই ধন যাতে গ্ৰহণ কৰা নহয়।আজমলে এই টকা শৈক্ষিক কামত ব্যৱহাৰ কৰক।
আনহাতে পৰিয়ালৰ পৰা কয় যে, “টকাৰ প্ৰয়োজন নাই।সংঘটিত হোৱা এই বৰ্বৰ কাণ্ডৰ ন্যায় প্ৰদানৰ বাবেহে সহায় কৰক।”উল্লেখযোগ্য যে,কৰ্মজীৱনৰ দ্বিতীয় দিনটোতেই নিকৃষ্ট মানসিকতাৰ একাংশ বৰ্বৰ মানৱৰ পাশৱিকতাৰ বলি হ’ল ডাঃ সেউজ কুমাৰ সেনাপতি।
নগাঁও জিলাৰ দক্ষিণপাট বালিগাঁৱৰ সেউজে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা এমবিবিএছ পাঠ্যক্ৰম সম্পূৰ্ণ কৰি হোজাই জিলাৰ ফুলতলী আদৰ্শ চিকিৎসালয়ৰ চিকিৎসক হিচাপে সোমবাৰে কৰ্মজীৱন আৰম্ভ কৰিছিল। কিন্তু কৰ্মজীৱনৰ দ্বিতীয় দিনটোতেই পাশৱিক আক্ৰমণৰ বলি হৈ বৰ্তমান গুৱাহাটী মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে চিকিৎসকগৰাকী।