দুঃখবৰ! দূৰ্ঘটনাত মৃত্যু প্ৰাক্তন অষ্ট্ৰেলিয়ান ক্ৰিকেট তাৰকা এণ্ড্ৰিউ ছাইমণ্ডছৰ
নিউজ ডেস্ক, ১৫ মে’- অষ্ট্ৰেলিয়া ক্ৰিকেট দলৰ প্ৰাক্তন অলৰাউণ্ডাৰ এণ্ড্ৰিউ চাইমণ্ডছ এক পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যুবৰণ হৈছে।
অষ্ট্ৰেলিয়াৰ হৈ ২৬ খন টেষ্ট আৰু ১৯৮ খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচ খেলা ৪৬ বছৰীয়া চাইমণ্ডছ শনিবাৰে নিশা কুইন্সলেণ্ড ৰাজ্যৰ টাউনচভিলৰ বাহিৰত গাড়ী দুৰ্ঘটনাত পতিত হৈছিল।
কুইন্সলেণ্ড আৰক্ষীৰ পৰা পোৱা তথ্য অনুসৰি ঘটনাটো শনিবাৰে নিশা প্ৰায় ১০.৩০ বজাত হাৰ্ভ ৰেঞ্জত সংঘটিত হৈছিল। দুৰ্ঘটনাটোৰ বিষয়ে অৱগত হোৱাৰ পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছিল।প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে যে তীব্ৰ গতিৰ বাবে গাড়ীখন ৰাস্তাত ওলোটা হৈ পৰিছিল।
দুৰ্ঘটনাটো এলিছ নদীৰ এখন দলঙৰ ওচৰত সংঘটিত হৈছিল। এণ্ড্ৰিউ ছাইমণ্ডছক এম্বুলেন্সেৰে চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। চিকিৎসকসকলে তেওঁক বচাবলৈ যথেষ্ট চেষ্টা কৰিছিল যদিও সফল নহ’ল। অষ্ট্ৰেলিয়াৰ প্ৰাক্তন উইকেটকিপাৰ এডাম গিলক্ৰিষ্টে এটা টুইটৰ জৰিয়তে ছাইমণ্ডছৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।
তেওঁ কৈছিল যে এইটো বৰ বেদনাদায়ক। এই বছৰটোত ছাইমণ্ডছৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ ৰড মাৰ্শ আৰু শ্বেন ৱাৰ্ণেৰ মৃত্যু ঘটিছিল। ছাইমণ্ডছে ১৯৯৮ চনত অষ্ট্ৰেলিয়াৰ হৈ আন্তঃৰাষ্ট্ৰীয় খেলত আত্মপ্ৰকাশ কৰিছিল।