Ayushman Bharat Extended For Everyone Above 70: দীপাৱলীৰ প্ৰাকক্ষণত দেশবাসী লৈ ডাঙৰ উপহাৰ প্ৰধানমন্ত্ৰীৰ

নিউজ ডেস্ক,৩০অক্টোবৰ : দীপাৱলীৰ প্ৰাকক্ষণত দেশবাসী লৈ ডাঙৰ উপহাৰ। প্ৰধানমন্ত্ৰীয়ে দেশবাসীক দিলে ভাল খবৰ।
ধন্বন্তৰি জয়ন্তী আৰু নৱম আয়ুৰ্বেদ দিৱসৰ লগত সংগতি ৰাখি নতুন দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ আয়ুৰ্বেদিকত আয়োজিত অনুষ্ঠানৰ পৰাই দেশবাসীক বিশেষ উপহাৰ দিলে প্ৰধানমন্ত্ৰীয়ে।
আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত ৭০ ঊৰ্ধ্বৰ সকলো জ্যেষ্ঠ নাগৰিকে স্বাস্থ্য বীমাৰ কভাৰেজ লাভ কৰিব।
স্বাস্থ্যসেৱাৰ বাবে আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাই বিনামূলীয়া চিকিৎসাৰ বাবে বছৰি ৫ লাখ টকা পৰ্যন্ত কভাৰেজ প্ৰদান কৰে(PM Modi Extends Ayushman Bharat Coverage To Senior Citizens Above 70)।
অৱশ্যে এই সুবিধাৰ পৰা বাদ পৰিব দেশৰ দুখন ৰাজ্য। এই আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ সুবিধা লাভ নকৰিব পশ্চিম বংগ আৰু দিল্লীৰ জনতাই(Ayushman Bharat Extended For Everyone Above 70)।
এই আঁচনিত কেন্দ্ৰীয় চৰকাৰে ৬০ শতাংশ আৰু ৰাজ্য চৰকাৰে ৪০ শংতাংশ ব্যয় কৰে। ২০১৯ চনতে পশ্চিম বংগ আৰু দিল্লীয়ে আঁচনিখন কাৰ্যকৰী কৰিবলৈ অস্বীকাৰ কৰিছিল।
এতিয়াৰে পৰা আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ জৰিয়তে ৭০ ঊৰ্ধ্বৰ সকলো জ্যেষ্ঠ নাগৰিকে বছৰি ৫ লাখ টকা পৰ্যন্ত অতিৰিক্ত টপ-আপ কভাৰ লাভ কৰিব।