Pays Tribute to October 2008 Serial Blast Victims : আজি অভিশপ্ত ৩০ অক্টোবৰ, অসমৰ ইতিহাসৰ বাবে এটা ক’লা দিন

নিউজ ডেস্ক, ৩০অক্টোবৰ : আজি অভিশপ্ত ৩০অক্টোবৰ । অসমবাসীৰ বাবে এটি ক’লা দিন। ২০০৮ চনত আজিৰ দিনটোতে সংঘটিত হৈছিল ধাৰিবাহিক বোমা বিস্ফোৰণৰ ঘটনা।
এক ভয়ংকৰ বোমা বিস্ফোৰণত কঁপিছিল অসম। কঁপাই গৈছিল গুৱাহাটীৰ,গনেশগুৰি,পাণবজাৰ আৰু কাছাৰীকে ধৰি বৰপেটা ৰোডত ২টা, বঙাইগাঁৱত এটা আৰু কোকৰাঝাৰত ২টাকৈ বিস্ফোৰণে ।
নিৰীহৰ তেজেৰে ফাঁকু খেলিছিল NDFBয়ে।
২০০৮ চনৰ ৰাজ্য কঁপাই যোৱা সেই ধাৰাবাহিক বোমা বিস্ফোৰণে পাৰ কৰিলে ১৬ টা বছৰ। ২০০৮ চনৰ আজিৰ এই দিনটোতে অসমৰ চাৰি ঠাইত উগ্ৰপন্থীয়ে বোমা বিস্ফোৰণ কৰিছিল। NDFB বাহিনীয়ে অভিশপ্ত এই দিনটোতে খেলিছিল তেজৰ ফাঁকু।
এই বোমা বিস্ফোৰণত বহুতো নিৰীহে প্ৰাণ হেৰুৱাৰ লগতে একাংশৰ জীৱনলৈ কঢ়িয়াই আনিছিল পঙ্গুত্ব। আজিৰ দিনটোতে হোৱা ধাৰাবাহিক বোমা বিস্ফোণত নিহত নিৰীহৰ স্মৃতিয়ে আজিও শোকস্তব্ধ কৰি তোলে ৰাজ্যবাসীক । এই হত্যালীলাৰ স্মৃতিয়ে আজিও শোকৰ উদ্ৰেক সৃষ্টি কৰে ভুক্তভোগীৰ পৰিয়ালত(Assam Pays Tribute to October 2008 Serial Blast Victims) ।
সেই ভয়াবহ বিস্ফোৰণে কালনিশা নমাই অনা পৰিয়াল কেইটিৰ চকুত আজিও বৈ আছে চকুলো। কোনেৱে যদি হেৰুৱাইছিল নিজৰ সন্তানক, কোনোৱে হেৰুৱাইছিল নিজৰ স্বামী, পত্নী, সহোদৰক, কোনো হৈছিল মাউৰা।নিজৰ আপোনজনক হেৰুৱাৰ বেদনাই আজিও আামনি কৰে তেওঁলোকক।
চৰকাৰে ভুক্তভোগীৰ পৰিয়ালক দিয়া সংস্থাপনৰ প্ৰতিশ্ৰুতি আজিও পুৰণ নকৰিলে। সেই অভিশপ্ত দিনটোত সৰ্বস্ব হেৰুৱা কোনোৱে যদি দিছে পাণ-তামোলৰ দোকান, কোনোৱে বিক্ৰী কৰিছে শাক-পাচলি।
এই ধাৰাবাহিক বিস্ফোৰণৰ অভিযুক্ত বিদ্ৰোহী সংগঠন এন ডি এফ বি ৰঞ্জন দৈমাৰী গোটৰ ১৫ জনক ১০ বছৰৰ অন্তত ২০১৮ চনত দোষী সাব্যস্ত কৰা হৈছিল। ঘটনাৰ তদন্ত কৰি দুখনকৈ চাৰ্জশ্বীট দাখিল কৰিছিল চিবিআইয়ে। চাৰ্জশ্বীটত আছিল ২২ জনৰ নাম। পৰৱৰ্তী সময়ত ইয়াৰে কেইজনমানক দোষমুক্ত ঘোষণা কৰিছিল উচ্চ ন্যায়ালয়ে(‘Black day’ as Assam remembers victims of 2008 serial blasts)।
লগতে পঢ়ক :Narcotics seized in lumding : লামডিঙত জব্দ কেইবা লক্ষাধিক টকাৰ নিচাজাতীয় সামগ্ৰী