ধূমপান এৰিব বিচাৰিছে নেকি ? তেন্তে এইসমূহ উপায় অৱলম্বন কৰি আজিয়ে এৰক By MyNewsNE Desk On May 31, 2021 Share মনৰ ইচ্ছাই প্ৰধান কথা এই কথা চিকিৎসক ও মনোবিদৰ। মনৰ জোৰে যিকোনো নিচাৰ পৰা মুক্তি দিব পাৰে। আৰু ইয়াৰ কোনো অন্য বিকল্প নাই।ধুমপান যে ক্ষতিকাৰক, সেই কথা কোনে নাজানে!আনকি, চিগাৰেটৰ পেকেটতো বিধিসন্মত সতৰ্কীকৰণ চপা হৈ থাকে। কিন্তু ইমানৰ পিছতো বহুলোকে ধুমপান কৰে। চিগাৰেট এৰাৰ পিছত শৰীৰ বা মনলৈ যি অস্থিৰতা আহে, সেয়া নাইকীয়া কৰিবলৈ খাদ্যভ্যাসত কিছু সাল-সলনি অনাৰ প্ৰয়োজনীয়তা আছে বুলি দাবী কৰে বিশেষজ্ঞই।কমলা, নেমু আদিত প্ৰচূৰ পৰিমাণে এণ্টি টক্সিন থাকে, যি শৰীৰক সুস্থ কৰি ৰাখে আৰু নিকটিনৰ কু-প্ৰভাৱ কমায়। ইয়াৰ উপৰিও ড্ৰাই ফ্ৰুটচত কেলৰী বেছি থাকে আৰু শৰীৰৰ কাৰ্যক্ষমতা বঢ়াই তোলে। ফলত ধুমপান ত্যাগ কৰাত সহায়ক হয়।পানীয়ে ধুমপানৰ প্ৰতি আসক্তি হ্ৰাস কৰে।পানীয়ে শৰীৰত অক্সিজেনৰ মাত্ৰা বজাই ৰাখে।ফলত চিগাৰেট এৰাৰ পিছত মনলৈ বা শৰীৰলৈ যি অস্থিৰতা আহে, সেয়া বহু পৰিমাণে হ্ৰাস পায়। Share FacebookTwitterReddItWhatsAppPinterestEmail