Local, Vocal, Global

পুনৰ বহিঃ ৰাজ্য়ত আক্ৰমণ অসমৰ যুৱতীক

নিউজ ডেক্স ১৯ জুলাই : পুনৰ বহিঃ ৰাজ্য়ত আক্ৰমণ অসমৰ যুৱতীক। দিল্লীৰ সাগৰপুৰত অসমৰ যুৱতীগৰাকীক আক্ৰমণ কৰে দুষ্কৃতিকাৰীয়ে। দিন-দুপৰতে সংঘটিত এই ঘটনা।

স্কুটীৰ চাবিৰে ডিঙি, মূৰত আক্ৰমণ জোন মেছী নামৰ অসমৰ যুৱতীগৰাকীক।ঘটনাত গুৰুতৰভাৱে আহত জোন মেছী নামৰ যুৱতীগৰাকী।সম্প্ৰতি চিকিৎসাধীন হৈ আছে যুৱতীগৰাকী।

উল্লেখ্য় যে , নগাঁৱৰ কামপুৰত ঘৰ যুৱতীগৰাকীৰ । ৰাজধানী দিল্লীত ইউটিউবাৰ হিচাপে কৰ্মৰত আছিল জোন মেছী।

দিল্লী আৰক্ষীৰ মায়াপুৰী থানাই এজাহাৰ নোলোৱাৰ লগতে নিশা ১২ বজালৈ থানাত বহুৱাই হাৰাশাস্তি কৰাৰ অভিযোগ কৰিছে যুৱতীগৰাকীৰ পৰিয়ালে।

এই ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীৰ ভাষ্য- উত্তৰ-পূবৰ লোকে কেৱল নাটক কৰিব হে জানে।ইতিমধ্যে মহানগৰ আৰক্ষীৰ কাষ চাপিছে জোন মেছীৰ পৰিয়াল। আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত গোচৰ দিব জোন মেছীৰ ভগ্নী বন্দিতা ৰয়ে।