Local, Vocal, Global

At least 64 killed in massacre in PNG highlands : ভয়ংকৰ জাতিগত সংঘৰ্ষ; নিহত ৬৪ গৰাকীকৈ লোক

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৯ ফেব্ৰুৱাৰী : পাপুৱা নিউ গিনিত ভয়ংকৰ জাতিগত সংঘৰ্ষ। জাতিগত সংঘৰ্ষৰ ফলত নিহত ৬৪ গৰাকীকৈ লোক(At least 64 killed in massacre in PNG highlands) ।

দেশখনৰ নৰ্ডান হাইলেণ্ডত সংঘটিত এই হিংসাত্মক ঘটনাটো।

প্ৰাপ্ত তথ্য অনুসৰি, দেওবাৰে পুৱা ইংগা প্ৰদেশৰ ৱাপেনামাণ্ডা জিলাত এই হিংসাত্মক ঘটনাটো সংঘটিত হয় । আম্বুলিন আৰু চিকিন জনজাতিৰ লগতে তেওঁলোকৰ নিজ নিজ মিত্ৰশক্তিৰ মাজত সংঘৰ্ষ হয় ।

আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি এই হিংসাত্মক ঘটনাত একে-৪৭ আৰু এম-৪ ৰাইফলৰ দৰে আগ্নেয়াস্ত্ৰ ব্যৱহাৰ কৰা হয় । যাৰ ফলত সোমবাৰে পুৱালৈকে ৱাপেনামাণ্ডাৰ পথৰ দাঁতিত আৰু পাহাৰত ৬৪ টা মৃতদেহ উদ্ধাৰ হয়(At least 64 killed in ‘largest’ tribal clashes in Papua New Guinea) ।

দেশখনৰ আৰক্ষী বাহিনীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা মতে, এয়া এতিয়ালৈকে আটাইতকৈ ভয়ংকৰ হিংসাত্মক ঘটনা । জ্যেষ্ঠ বিষয়া গৰাকীৰ মতে সম্ভৱত পাপুৱা নিউ গিনিৰ কোনো হাইলেণ্ডত এনে ঘটনা সংঘটিত হোৱা নাই । ইংগা প্ৰদেশত পূৰ্বেও একেটা জনজাতিৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হৈছিল, য’ত প্ৰায় ৬০ গৰাকী লোকৰ মৃত্যু হৈছিল । ফলস্বৰূপে অঞ্চলটোত অভাৱনীয় পৰিৱেশে বিৰাজ কৰিছে ।

ইফালে এই ঘটনাক লৈ অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী এলবানিছে ঘটনাটোক লৈ উদ্বেগ প্ৰকাশ কৰিছে । তেওঁ সোমবাৰে এক ৰেডিঅ’ সাক্ষাৎকাৰত মন্তব্য কৰে যে পাপুৱা নিউ গিনিৰ পৰা অহা এই খবৰ অতি উদ্বেগজনক। উল্লেখ্য যে অষ্ট্ৰেলিয়াই চুবুৰীয়া ৰাষ্ট্ৰখনক বিভিন্ন ধৰণে সমৰ্থন আগবঢ়াই আহিছে । বিশেষকৈ আৰক্ষী বিষয়াসকলক প্ৰশিক্ষণ দিয়া আৰু পাপুৱা নিউ গিনিত নিৰাপত্তা ব্যৱস্থা বৃদ্ধিত সক্ৰিয়ভাৱে জড়িত হৈ আছে ।

লগতে পঢ়ক : Drunk Driver Hits Bystander in Guwahati’s GS Road : মহানগৰীৰ ৰাজপথত সুৰামত্ত চালকৰ তাণ্ডৱ