Local, Vocal, Global

At least 14 dead after open-pit gold mine collapses : সোণৰ খনি ভাঙি মৃত্যু ১৪ জনতকৈ অধিক লোকৰ,আহত ১১ জন

ইণ্টাতনেশ্যনেল ডেস্ক,২২ ফেব্ৰুৱাৰী : সোণৰ খনিত অঘটন । সোণৰ খনি ভাঙি মৃত্যু ১৪ জনতকৈ অধিক লোকৰ (At least 14 dead after open-pit gold mine collapses)।

দক্ষিণ আমেৰিকাৰ ভেনিজুৱেলাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা ৷ দক্ষিণ আমেৰিকাৰ ভেনিজুৱেলাত মঙলবাৰে অবৈধভাবে পৰিচালিত এটা সোণৰ খনি ভাঙি পৰে ৷ ফলত ১৪জনতকৈ অধিক লোক নিহত হয় । লগতে আহত হয় কেইবাজনো লোক(At least 14 confirmed dead after an illegal open-pit gold mine collapses in Venezuela) ।

ঘটনা সন্দৰ্ভত বলিভাৰ ৰাজ্যৰ গৱৰ্ণৰ এঞ্জেল মাৰ্কানোৱে (Angel Marcano) স্থানীয় সাংবাদিকৰ আগত কয় যে এতিয়ালৈকে ১৪ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷ কমেও ১১ জন লোক আহত হোৱা বুলি জানিব পৰা গৈছে । লগতে তেওঁ পৰ্যমানে উদ্ধাৰৰ কাম অব্যাহত ৰাখিছো বুলিও উল্লেখ কৰে(At least 14 dead after open-pit gold mine collapses in Venezuela) ৷

লগতে তেওঁ কয় যে , মঙলবাৰে এংগোষ্টুৰা পৌৰসভাত বুলা লোকা (Bulla Loca) নামেৰে জনাজাত এটা খনিৰ দেৱাল ভাঙি যায় ৷ য’ত কেৱল নাৱেৰেহে যাত্ৰা কৰিব পাৰি ।

ইফালে সোণৰ খনিত আৱদ্ধ হৈ থকা খনিকৰসকলৰ আত্মীয় খনিটোৰ আটাইতকৈ ওচৰৰ সম্প্ৰদায় লা পেৰাগুৱেত গোট খাইছে । তেওঁলোকে আহতসকলক উদ্ধাৰ কৰাৰ লগতে মৃতদেহবোৰো বিমানেৰে অন্য স্থানলৈ স্থানান্তৰ কৰিবলৈ চৰকাৰক দাবী জনাইছে ।

কাৰিনা ৰিঅ’ছ (Karina Ros) নামৰ এগৰাকীয়ে কয়, ‘‘আমি ইয়াত বিমানৰ বাবে অপেক্ষা কৰি আছো ৷ ইতিমধ্যে বহু লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে ৷ আহতও হৈছে বহুজন । অঞ্চলটোৰ পৰিস্থিতিৰ বাবে মৃতদেহবোৰ সোনকালে পচিব যাব পাৰে ৷ ই এক চিন্তনীয় বিষয়’’ ৷

লগতে পঢ়ক : CBI raids Satya Pal Malik’s Delhi house in Kiru hydropower corruption case : জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপালৰ বাসগৃহত CBI ৰ তালাচী