৫ হাজাৰৰো অধিক গোচৰত অভিযুক্ত অসমৰ কুখ্যাত গাড়ীচোৰ অনিল চৌহান
নিউজ ডেস্ক, ৬ ছেপ্তেম্বৰ : অৱশেষত দিল্লী আৰক্ষীৰ জালত পৰিল অসমৰ কুখ্যাত গাড়ীচোৰ অনিল চৌহান। দেশবন্ধু গুপ্তা ৰোডৰ পৰা দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে চৌহানক।
চৌহানৰ বিৰুদ্ধে ৫ হাজাৰৰো অধিক গাড়ী চুৰিৰ অভিযোগ আছে। আনহাতে, হত্যাৰ অভিযোগতো অভিযুক্ত অনিল চৌহান।
দিল্লী, মুম্বাই আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন স্থানত আছে চৌহানৰ সা-সম্পত্তি। গুৱাহাটীৰ ডাউন-টাউনতো আছে অনিল চৌহানৰ বিশাল অট্টালিকা।
তাৰোপৰি, চৌহানৰ বিৰুদ্ধে উত্তৰ-পূবৰ নিষিদ্ধ সংগঠনলৈ অস্ত্ৰ যোগান ধৰাৰ গুৰুতৰ অভিযোগ আছে। শেহতীয়াকৈ চোৰাং অস্ত্ৰ সৰবৰাহতো জড়িত হৈ পৰিছিল কুখ্যাত গাড়ীচোৰটো। উল্লেখ্য যে, চৌহানৰ জিম্মাৰ পৰা আৰক্ষীয়ে ৬ টা পিষ্টল, ৭ টা কাৰ্টিজ উদ্ধাৰ কৰিছে।
চৌহানৰ বিৰুদ্ধে কেইবাজনো গাড়ী চালকক হত্যাৰ অভিযোগৰ লগতে EDতো মানি লণ্ডাৰিঙৰ গোচৰ ৰুজু হৈ আছে।
ইয়াৰ পূৰ্বে ২০১৫ চনত দিছপুৰ আৰক্ষীৰ জালত পৰিছিল অনিল চৌহান। গ্ৰেপ্তাৰৰ পাছত ৫ বছৰ জেলতো আছিল অনিল চৌহান। ২০২০ চনত জেলৰ পৰা জামিনত মুক্তি লাভ কৰিছিল চৌহানে। লোক নিৰ্মাণ বিভাগত প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ হিচাপে অনিল চৌহান।
প্ৰাক্তন কংগ্ৰেছী বিধায়িকা ৰুমী নাথৰ সৈতে অনিলৰ আছিল সু সম্পৰ্ক।