নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চাঞ্চল্যকৰ ঘটনা
নিউজ ডেস্ক, ৬ ছেপ্তেম্বৰ : চিকিৎসালয়ত কিমান সুৰক্ষিত শিশু ? নগাঁও চহৰত অৱস্থিত ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। চিকিৎসালয়খনৰ পৰা অন্তৰ্ধান হ’ল দুটি শিশু।
অগ্নিদগ্ধ হোৱা শিশু দুটিৰ মাতৃ কৰুণাৰ চিকিৎসালয়খনৰ শল্য চিকিৎসা বিভাগত চিকিৎসা চলি আছিল।
দুদিন পূৰ্বে চিকিৎসালয়খনৰ পৰা সন্ধানহীন হৈছিল মহিলাগৰাকীৰ দুই সন্তান। আনহাতে, যোৱানিশা চিকিৎসালয়খনত মৃত্যু ঘটে মহিলাগৰাকীৰ।
দুই সন্তানক বিচাৰি চিকিৎসালয় কৰ্তৃপক্ষৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । বৰ্তমানলৈকে মহিলাগৰাকীৰ মৃতদেহ চমজি ল’বলৈ অহা নাই পৰিয়ালৰ লোক।
কাষতে চিকিৎসাধীন হৈ থকা আন এজন ৰোগীয়ে এটি কণমানিক ৮ হাজাৰ টকাত বিক্ৰীৰ চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী নাৰ্ছে।