অসমৰ সতৰ্কতা আৰু দুৰ্নীতি বিৰোধী সঞ্চালকালয়ৰ বৃহৎ সাফল্য
নিউজ ডেস্ক, ১১ আগষ্ট : অসমত অব্যাহত আছে দুৰ্নীতিৰ বিৰুদ্ধে ব্যাপক অভিযান । বৃহস্পতিবাৰে অসমৰ সতৰ্কতা আৰু দুৰ্নীতি বিৰোধী সঞ্চালকালয়ৰ এটা দলে দুটা পৃথক ঘটনাত উৎকোচ গ্ৰহণ কৰি থকা অৱস্থাত দুজন চৰকাৰী কৰ্মচাৰী ৰঙাহাতে আটক কৰে।
প্ৰথমে, অসমৰ সতৰ্কতা আৰু দুৰ্নীতি বিৰোধী সঞ্চালকালয়ৰ দলটোৱে গোপীনাথ দাস বুলি চিনাক্ত কৰা তামুলপুৰৰ উপ পঞ্জীয়কক ফান্দত পেলাই গ্ৰেপ্তাৰ কৰে।
টুইটাৰযোগে বিশেষ ডিজিপি আইন-শৃংখলাৰ জৰিয়তে জি পি সিঙে টুইট কৰে, “চৰকাৰী বিষয়াসকলৰ মাজত দুৰ্নীতিৰ বিৰুদ্ধে আমাৰ নিৰলস অভিযান অব্যাহত আছে। আজি, অসমৰ সতৰ্কতা আৰু দুৰ্নীতি বিৰোধী সঞ্চালকালয়ে উৎকোচৰ ধন গ্ৰহণ কৰাৰ সময়ত উপ পঞ্জীয়ক তামুলপুৰৰ কাৰ্যালয়ৰ শ্ৰী গোপীনাথ দাসক গ্ৰেপ্তাৰ কৰে। আইনী ব্যৱস্থা লোৱা হৈছে।”
তাৰ পিছত লোহিত ফুকন বুলি চিনাক্ত কৰা গোলাঘাট জিলাৰ বোকাখাতৰ আবকাৰী পৰিদৰ্শকক গ্ৰেপ্তাৰ কৰে।
দ্বিতীয় ঘটনাসন্দৰ্ভত জিপি সিঙে পুনৰ টুইট কৰে, “দিনটোৰ দ্বিতীয় কাৰ্য। চৰকাৰী বিষয়াসকলৰ মাজত দুৰ্নীতিৰ বিৰুদ্ধে আমাৰ নিৰন্তৰ অভিযান অব্যাহত আছে। আজি অসমৰ সতৰ্কতা আৰু দুৰ্নীতি বিৰোধী সঞ্চালকালয়ে গোলাঘাটৰ বোকাখাতৰ আবকাৰী পৰিদৰ্শকৰ কাৰ্যালয়ৰ শ্ৰী লোহিত ফুকনে উৎকোচৰ ধন গ্ৰহণ কৰি থকা অৱস্থাত ৰঙাহাতে গ্ৰেপ্তাৰ কৰে। আইনী ব্যৱস্থা লোৱা হৈছে।”