মহাৰাষ্ট্ৰত উদ্ধাৰ ৩৯০ কোটি টকাৰ ‘অবৈধ’ সম্পত্তি
নিউজ ডেস্ক, ১১ আগষ্ট : বৃহস্পতিবাৰে আয়কৰ বিভাগে বৃহস্পতিবাৰে মহাৰাষ্ট্ৰৰ (Maharashtra) জালনা জিলাৰ ইস্পাত ষ্টিল, বস্ত্ৰ ব্যৱসায়ী আৰু ৰিয়েল ইষ্টেড ডেভল’পাৰৰ চৌহদত এক অভিযান চলাই ৩৯০ কোটি টকাৰ ‘অবৈধ’ সম্পত্তি উদ্ধাৰ কৰে।
১ ৰ পৰা ৮ আগষ্টলৈ আয়কৰ বিভাগৰ দ্বাৰা মাৰাথন অভিযানৰ সময়ত আৱিষ্কাৰ হৈছিল হিচাপ বিহীন সম্পত্তিবোৰ ।
প্ৰতিবেদন অনুসৰি, অভিযুক্তসকল বিশিষ্ট ব্যৱসায়ী (prominent merchants) আৰু ভূমি বিকাশকাৰী (land developers)আছিল।
জব্দ কৰাৰ ভিতৰত আছে নগদ ৫৮ কোটি টকা, ৩২ কিলোগ্ৰাম সোণৰ গহনা, ১৬ কোটি টকাৰ হীৰা আৰু মুকুতাৰ গহনা আৰু ৩০০ কোটি টকাৰ অধিক মূল্যৰ হিচাপ বিহীন সম্পত্তি।
উদ্ধাৰ হোৱা নগদ ধনৰ সঠিক পৰিমাণ গণনা কৰিবলৈ দলটোক প্ৰায় ১৩ ঘণ্টা সময় লাগিছিল।
অভিযুক্ত ব্যৱসায়িক গোটবোৰে কৰ জালিয়াতিৰ অভিযোগৰ বিষয়ে তথ্য লাভ কৰাৰ পিছত , আয়কৰ বিভাগে অনুসন্ধান অভিযানৰ বাবে ৰাজ্যখনৰ পৰা ২৬০ জন বিষয়া গঠন কৰি পাঁচটা দল গঠন কৰিছিল।
বাতৰি অনুসৰি, জব্দ কৰা নগদ ধন আলমাৰী, বিচনাৰ তলত উদ্ধাৰ কৰা হৈছিল আৰু আন কিছুমান মোনাত থোৱা আছিল।