Local, Vocal, Global

Assamese mountaineers scale Kanchenjunga: দুই অসমীয়াৰ কাঞ্চনজংঘাৰ শীৰ্ষত আৰোহণ

গুৱাহাটী,২৫ মে’: পুনৰ অসমবাসীক গৌৰাৱান্বিত কৰিলে দুই অসম সন্তানে । দুই অসম সন্তানে ৰচিলে আন এক ইতিহাস । অসমীয়া যুৱক ভাস্কৰ বৰুৱা আৰু জয়ন্ত নাথৰ কাঞ্চনজংঘাৰ শীৰ্ষত আৰোহণ (Assamese mountaineers scale Kanchenjunga)। অসম পৰ্বতাৰোহী সংস্থাৰ হৈ অভিযানত নামিছিল এই দুই অসমীয়াই ।

কাঞ্চনজংঘা জয় কৰি দুই অসমীয়াই তৃতীয় সৰ্বোচ্চ পৰ্বত শৃংগ কাঞ্চনজংঘাত উৰুৱালে ত্ৰিৰংগাৰ লগতে অসমীয়াৰ স্বাভিমান গামোচাখন (Tricolour and Assamese pride Gamocha in Kanchenjunga) ৷

বৃহস্পতিবাৰে পুৱা ৭ বাজি ১৫ মিনিটত দুই অসম সন্তান ভাস্কৰ বৰুৱা আৰু জয়ন্ত নাথে কাঞ্চনজংঘাৰ শীৰ্ষত উপস্থিত হৈ গামোচা আৰু ত্ৰিৰংগা উৰুৱাই পুনৰ এবাৰ গৌৰৱান্বিত কৰিলে অসমীয়াক । উল্লেখ্য যে, অসম পৰ্বত আৰোহী সংস্থাৰ এই দুই সদস্যই কাঞ্চনজংঘা আৰোহণ কৰি উত্তৰ-পূবৰ ভিতৰতে ইতিহাস ৰচিবলৈ সক্ষম হ’ল ৷ ইয়াৰ পূৰ্বে উত্তৰ-পূৰ্বাঞ্চলৰ পৰা কোনো পৰ্বতাৰোহীয়ে কাঞ্চনজংঘাৰ শীৰ্ষত আৰোহণ কৰিব পৰা নাছিল ৷

দুয়োগৰাকী পৰ্বতাৰোহীক টুইটযোগে অভিনন্দন জ্ঞাপন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই( Chief minister Himanta Biswa Sarma congratulated climbers in a tweet)৷

উল্লেখ্য যে, মানস বৰুৱাৰ নেতৃত্বত যোৱা দলটোত আছিল ৫গৰাকী পৰ্বতাৰোহী । দলটোত আছিল- ডাঃ জগদীশ বসুমতাৰী, উপেন চক্রৱৰ্তী, কৌশিক দাস, ভাস্কৰ বৰুৱা, জয়ন্ত নাথ আৰু শেখৰ বৰদলৈ । মাউণ্ট কাঞ্চনজংঘা অভিযান-২০২৩ (Mount Kanchenjunga Expedition 2023)ক দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপাদি মূৰ্মুয়ে যোৱা ৭ এপ্ৰিলত আনুষ্ঠানিকভাৱে ফ্লেগ অফ কৰিছিল( flagged off by President Droupadi Murmu)। লগতে ৰাষ্ট্ৰপতি মুৰ্মুৱে তেখেতৰ অসম ভ্ৰমণৰ সময়ত কাঞ্চনজংঘাৰ সৌন্দৰ্যক প্ৰকৃতিৰ এক অনন্য সৃষ্টি বুলি উল্লেখ কৰি পৰ্বতাৰোহী দলটোক শুভেচ্ছা জ্ঞাপন কৰিছিল ।

লগতে পঢ়ক:Assam Government Recruitment Ceremony : আজি ৪৪,৭০৩ পাৰ্থীক প্ৰদান কৰা হ’ব নিযুক্তি পত্ৰ