Local, Vocal, Global

দুই ম’হৰ যুঁজত বিৰিণাৰ মৰণ, মহা বিপাঙত সৰ্বসাধাৰণ জনতা

সাধাৰণ জনতাক পণবন্দী কৰি পৰিবহণ নিগম আৰু অসম মটৰ পৰিবহণ সন্থাৰ ৰছী টনা খেল৷ আজিও অসম মটৰ পৰিবহণ সন্থাৰ অনিৰ্দ্দিষ্টকালীন চকা বন্ধৰ প্ৰভাৱ ৰাজ্যজুৰি পৰিছে৷ বৰ্তমানেও অচল হৈ পৰিছে ৰাইজৰ যাতায়াত ব্যৱস্থা৷ বাছ আস্থানত বাছৰ বাবে অপেক্ষা কৰি ক্ষণ গণি পাৰ কৰিছে যাত্ৰীয়ে৷ লক্ষণীয় বিষয় যে ক’ভিড পৰিস্থিতিৰ বাবেই সদৌ অসম মটৰ পৰিবহণ সন্থাই বাছভাড়া ৫০ শতাংশ বৃদ্ধিৰ দাবী জনাইছে৷ লগতে ৰোড টেক্স ৰেহাই দিয়াৰো দাবী জনাইছে৷ লক্ষণীয় বিষয় এয়াই যে বাছ বা ৰাজহুৱা পৰিবহণত যাত্ৰা কৰা অধিকাংশ লোকেই সাধাৰণ শ্ৰেণীৰ লোক৷ আৰু সাধাৰণ শ্ৰেণীৰ লোকে যদি যাত্ৰাৰ বাবদ দুগুণ ভাড়া দিব লাগে তেন্তে যাত্ৰীসকলো পৰিব মহা বিপদত৷

আনহাতে যাত্ৰীৰ সুবিধাৰ্থে ASTCয়ে চৰকাৰী বাছৰ চলাচলৰ ব্যৱস্থা কৰিছে যদিও সেয়া পৰ্যাপ্ত নহয়৷ যাত্ৰী অনুপাতে তেনেই তাকৰ বাছসমূহৰ চলাচল৷ আনহাতে গ্ৰামাঞ্চলত এএছটিচিৰ বাছসমূহে পৰ্যাপ্ত পৰিমাণে ঢুকি নাপায়৷ ফলত বিপাঙত পৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৈনন্দিন যাত্ৰা কৰা যাত্ৰীসমূহ৷

মটৰ পৰিবহণ সন্থাই ক’ভিড প্ৰট’কল কাৰ্যকৰী হৈ থকা সময়ছোৱাত ৫০ শতাংশ ভাড়া বৃদ্ধি কৰিবলৈ দাবী জনাইছে৷ লগতে উল্লেখ কৰিছে যে ক’ভিড প্ৰট’কল শেষ হ’লে তেওঁলোকে যাত্ৰীৰ পৰা আগৰ চলিত ভাড়ামতেই ভাড়া ল’ব৷ আনহাতে একাংশ যাত্ৰীয়ে অভিযোগ কৰা মতে বাছসমূহে ভংগ কৰিছে ক’ভিড প্ৰট’কল৷ লগতে গ্ৰহণ কৰিছে দুগুণ ভাড়া৷ অভিযোগ-প্ৰতিঅভিযোগত বিপদত পৰিদত পৰিছে যাত্ৰীসমূহ৷ দুই ম’হৰ যুঁজত বিৰিণাৰ মৰণৰ দৰে মহা বিপাঙত পৰিছে সৰ্বসাধাৰণ জনতা৷

লক্ষণীয়ভাৱে ৰাজ্যৰ ৰাজপথত মাৰ্ছিডিছ বাছ চলোৱাৰ সপোন দেখুওৱা বিভাগীয় মন্ত্ৰীয়েও বৰ্তমানলৈ কোনো ধৰণৰ মন্তব্য দিয়া নাই৷ অৱশ্যে পৰিবহণ নিগম আৰু মটৰ পৰিবহণ সন্থাৰ মঙলবাৰে আবেলি যুটীয়া বৈঠকত মিলিত হ’ব৷ বৈঠকৰ অন্ততহে বাছভাড়া আৰু চকাবন্ধ প্ৰত্যাহাৰ কৰে নে নকৰে সেয়া লক্ষণীয় হ’ব৷