Local, Vocal, Global

চাহ উদ্যোগ আৰু সাঁচি উদ্যোগক গতিশীল কৰাৰ লক্ষ্য, এক হ’ল নেটা আৰু আপটা

অসমৰ পৰম্পৰাগত আগৰ অৰ্থাৎ সাঁচি গছৰ খেতি আৰু ইয়াৰ সৈতে জড়িত ব্যৱসায়ক ৰাজ্য চৰকাৰে বৈধতা প্ৰদান কৰাৰ পাছত এতিয়া আগৰ ব্যৱসায়ক এক গতিশীলতা প্ৰদান কৰাৰ উদ্দেশ্যে আগবাঢ়ি আহিছে ৰাজ্যৰ চাহ উদ্যোগক প্ৰতিনিধিত্ব কৰা অন্যতম সংস্থা নৰ্থ ইষ্টাৰ্ণ টি এচ’ছিয়েছন চমুকৈ নেটা। অসম আগৰউদ প্লেণ্টাৰ্ছ এণ্ড ট্ৰেডাৰ্চ এচ’চিয়েছন চমুকৈ আপটা আৰু নেটাই লগ লাগি চাহ উদ্যোগৰ সমান্তৰালভাৱে সাঁচি উদ্যোগক এক নতুন গতিশীলতা প্ৰদান কৰি ৰাজ্যৰ অৰ্থনৈতিক ভেটি টনকিয়াল কৰাৰ পৰিকল্পনা কৰিছে। ৰাজ্যৰ এই দুয়োটা পৰম্পৰাগত উদ্যোগ হাতে হাত ধৰি আগবাঢ়ি আহিলে দুয়োটা উদ্যোগেই লাভাৱান্বিত হোৱাৰ লগতে ৰাজ্যৰ অৰ্থনৈতিক ভেটি টনকিয়াল কৰিব পৰা যাব। এক প্ৰেছ বিবৃতিযোগে নেটাৰ অধ্যক্ষ সুনীল জালানে জানিবলৈ দিয়ে যে আপটাৰ সভাপতি জেহিৰুল ইছলামে বৰ্তমান ৰাইজৰ মাজত সাঁচি গছৰ খেতি সন্দৰ্ভত সজাগতা বৃদ্ধি কৰাৰ প্ৰয়াস কৰি থকাৰ লগতে তেওঁ অপৈণত সাঁচি গছত কৃত্ৰিমভাৱে সাঁচি ভেঁকুৰ সংৰোপণ কৰাৰ কৌশল আৱিষ্কাৰ কৰি উলিয়াইছে। জালানে কয় যে চাহ বাগিচাসমূহে তেওঁলোকৰ অব্যৱহৃত হৈ ৰোৱা মাটিৰ পাঁচ শতাংশ আগৰ খেতিৰ বাবে ব্যৱহাৰ কৰিব পাৰে। আনহাতে আপটাৰ সভাপতি জেহিৰুল ইছলামে জানিবলৈ দিয়ে যে এবিঘা চাহখেতিৰ মাটিত গড় হিচাপত প্ৰায় ১৭০০ কিল’গ্ৰাম চাহ পাব পাৰি আৰু সেই হিচাপে এক হেক্টৰ মাটিত গড়ে ১২৭৫০ কিল’গ্ৰাম চাহ উৎপাদন হয়। যদি প্ৰতি কিলোগ্ৰাম চাহৰ বিক্ৰী মূল্য গড়ে ১৯ টকা ধৰা হয় তেন্তে প্ৰতি বছৰে এক হেক্টৰ মাটিৰ চাহ খেতিৰ পৰা আহৰণ কৰা হয় ২,৪২,২৫০ টকা এইদৰে বাৰ বছৰত আয় হ’ব ২৯,০৭,০০০ টকা। আনহাতে আগৰ বা সাঁচি গছৰ ক্ষেত্রত যদি চোৱা যায় এক হেক্টৰ চাহ খেতিৰ মাটিত ১,১৯,৫৭,৬০০ টকাকৈ দহ বছৰত ব্যয় কৰিলে কৃত্ৰিমভাৱে সংৰোপণ কৰা ভেঁকুৰৰ সংক্ৰমণ ঘটি এজোপা সাঁচি গছে দুই তিনি বছৰৰ ভিতৰতে ২৫,০০০ টকাকৈ চাহ উদ্যোগক দিব পাৰিব আৰু এইদৰে এক হেক্টৰ মাটিত কৰা সাঁচি খেতিৰ বাবদ বৰ্তমানৰ দৰত চালে সৰ্বমুঠ আয় ৯,৬০,৪২,৪০০ টকা পৰ্য্যন্ত হ’বগৈ বুলি মন্তব্য কৰে ইছলামে। গতিকে এইদৰে এক দীৰ্ঘম্যাদী পৰিসৰত ৰাজ্যৰ অৰ্থনৈতিক ভেটি সবল কৰি চাহ উদ্যোগৰ লগতে আগৰৰ উদ্যোগটোৱেও এক নতুন গতিশীলতা লাভ কৰি মুনাফা অৰ্জন কৰিবলৈ সক্ষম হ’ব বুলি আশা ব্যক্ত কৰে সুনীল জালান আৰু জেহিৰুল ইছলামে ।