Local, Vocal, Global

ৰাজ্যত অব্যাহত চোৰাং গৰুৰ বেহা

ৰাজ্যত এতিয়াও অব্যাহত আছে চোৰাং গৰুৰ বেহা। বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত হালধীয়া গাঁৱৰ সৰভোগ-কলগাছিয়া গড়কাপ্তানী পথৰ নিলগত এটা চৌহদৰ পৰা সৰভোগ আৰক্ষীয়ে ১২৫টা চোৰাং গৰু জব্দ কৰে। আৰক্ষীয়ে গৰু কেইটাৰ সৈতে গৰু কঢ়িয়াই অনা বাহন জব্দ কৰাৰ লগতে তিনিজন লোককো আটক কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে সাংবাদিক দেখিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে সৰভোগ আৰক্ষী। ইফালে নিশাই আৰক্ষীয়ে চোৰাং গৰু, আটক কৰা তিনিজন ব্যাক্তি আৰু UP 18AT 8546 নম্বৰৰ ট্ৰাকখন আৰক্ষীয়ে এৰি দিয়াৰ অভিযোগ উত্থাপন হৈছে। এই ক্ষেত্ৰত চোৰাং গৰু আৰক্ষীয়ে জব্দ কৰাৰ পিছত পুনৰ এৰি দিয়া ঘটনাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আমছুৱে। অতি সোনকালে চোৰাং গৰু এৰি দিয়া কাৰ্যৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আহ্বান জনায় আমছুৱে।