ৰাজ্যত উদ্দেগজনকভাৱে বৃদ্ধি কৰ’নাত আক্ৰান্তৰ সংখ্যা

ৰাজ্যত উদ্দেগজনকভাৱে বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা। বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত হৈছে ২৬৯৮গৰাকী। ইয়াৰ বিপৰীতে শনিবাৰে আৰোগ্য লাভ কৰি ঘৰলৈ উভতে ২৩৪৩ গৰাকী ৰোগীয়ে। বিগত ২৪ ঘন্টাত ৰাজ্যত পুনৰ মৃত্য ৭গৰাকী ৰোগীৰ। নতুনকৈ আক্ৰান্ত সকলৰ ভিতৰত ৭০০ কামৰূপ (মহানগৰ) জিলাৰ, ১৪২গৰাকী কামৰূপ (গ্ৰাম্য)ৰ, ১৫১গৰাকী লখিমপুৰ জিলাৰ।
বৰ্তমানলৈ ৰাজ্যত কৰ’নাত আক্ৰান্ত হৈছে ১ লাখ ২৩ হাজাৰ ৯২২ গৰাকী। বৰ্তমানলৈ ৯৫,০৬০ গৰাকী ৰোগী সুস্থ হোৱাৰ বিপৰীতে মৃত্যু হৈছে ৩৫২ গৰাকী ৰোগীৰ। সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ২৮,৫০৭ গৰাকী ৰোগী।
শুকুৰবাৰৰ দিনটোত ৰাজ্যত ৩৫,১৪৭ গৰাকী লোকৰ SWAB টেষ্ট সম্পন্ন কৰাৰ অন্তত আক্ৰান্তৰ হাৰ ৭.৬৭ শতাংশ।