Local, Vocal, Global

ৰাজ্যত ৯৬ হাজাৰ অতিক্ৰম কৰ’না আক্ৰান্তৰ সংখ্যাই

অসমত অব্যাহত আছে কাল কৰ’নাৰ ভয়াৱহতা। প্ৰতিদিনে অভাৱনীয় হাৰত বৃদ্ধি কৰ’নাৰ সংক্ৰমণ । বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত হৈছে ২,১৭৯ গৰাকী। নতুনকৈ আক্ৰান্ত সকলৰ ৫৩১ গৰাকী কামৰূপ মহানগৰৰ আৰু ১৩৬ গৰাকী কাছাৰৰ, ১৩৪ গৰাকী যোৰহাটৰ, ১২২ গৰাকী কামৰূপৰ জিলাৰ। বিগত ২৪ ঘন্টাত ৰাজ্যত আৰোগ্য লাভ কৰে ২,১৪৮ গৰাকী ৰোগীয়ে । ইয়াৰ বিপৰীতে মৃত্যু হয় ১৪গৰাকী লোকৰ।

বৰ্তমানলৈ ৰাজ্যত কৰ’নাত আক্ৰান্ত হৈছে ৯৬,৭৭১ গৰাকী। আৰোগ্য হৈ ঘৰলৈ উভটিছে ৭৬,৯৬২ গৰাকী ৰোগীয়ে। সম্প্ৰতি ৰাজ্যত চিকিৎসাধীন অৱস্থাত আছে ১৯,৫৩২গৰাকী লোক। ইয়াৰ বিপৰীতে মৃত্যু হৈছে ২৭৪ গৰাকী লোকৰ।

কৰ’না আক্ৰান্তৰ লোকৰ সংখ্যাই হ্ৰাস পালেও ৰাজ্যত বৃদ্ধি পাইছে ৰাজ্যত আক্ৰান্ত লোকৰ হাৰ। বিগত ২৪ ঘন্টাত ৩৬,২২৫ গৰাকী লোকৰ SWAB পৰীক্ষা সম্পন্ন কৰিছে লক্ষ্যণীয়ভাৱে ২৪ ঘন্টা আক্ৰান্ত লোক হাৰ ৬.০১ শতাংশ।