Assam to hold Gunotsav 2025 from January 6 to February 9 :৬ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব গুণোৎসৱ ২০২৫

নিউজ ডেস্ক,২০জুলাই : ৰাজ্যজুৰি অহা ৬ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব গুণোৎসৱ ২০২৫ । ৬ জানুৱাৰীৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব গুণোৎসৱ ২০২৫।
শিক্ষাবৰ্ষৰ গুণোৎসৱে সামৰি লব ৰাজ্যৰ ৩৫খন জিলাৰ মুঠ ৪৫,৬২৯ খন বিদ্যালয়ৰ ৪৩ লাখৰো অধিক ছাত্র-ছাত্রীক(Assam to hold Gunotsav 2025 from January 6 to February 9)।
৬ জানুৱাৰীৰ পৰা ৯ জানুৱাৰীলৈ চলিব প্ৰথম পৰ্যায়ৰ গুণোৎসৱ। প্ৰথম পৰ্যায়ত বৰপেটা, বজালী, কাজিৰঙা, কামৰূপ, কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, নগাঁও, শিৱসাগৰ, দক্ষিণ শালমাৰা-মানকাচৰ আৰু ওদালগুৰি জিলাক সামৰি লোৱা হ’ব(Assam to hold Gunotsav 2025 from January 6 to February 9 in 3 phases)।
১৮ জানুৱাৰীৰ পৰা ২২ জানুৱাৰীলৈ চলিবলগীয়া দ্বিতীয় পর্যায়ৰ গুণোৎসৱত ১৩ খন জিলাৰ ক্ৰমে বাক্সা, চিৰাং, চৰাইদেউ, ধেমাজি, ধুবুৰী, গোলাঘাট, হাইলাকান্দি, হোজাই, যোৰহাট, কামৰূপ মহানগৰ, শোণিতপুৰ, তামুলপুৰ আৰু তিনিচুকীয়াৰ বিদ্যালয়সমূহক সামৰি ল’ব।
তৃতীয় পর্যায়ত ৬ ফেব্ৰুৱাৰীৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব। এই পৰ্যায়ত ৰাজ্যৰ বঙাইগাঁও, বিশ্বনাথ, দৰং, ডিব্ৰুগড়, গোৱালপাৰা, কাছাৰ, নলবাৰী, মৰিগাঁও, ডিমা হাচাও, মাজুলী আৰু পশ্চিম কাৰ্বি আংলঙৰ বিদ্যালয়সমূহত গুণোৎসৱ অনুষ্ঠিত হ’ব।
লগতে পঢ়ক : Japanese Encephalitis : লাকুৱাত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ,মৃত্যু এজনৰ