Assam Tea Workers Union: চাহ কৰ্মচাৰীৰ ভৱিষ্যনিধিৰ সুবিধা কৰ্তনৰ বিৰুদ্ধে গৰজি উঠি অসম চাহ কৰ্মচাৰী সংঘ
জামুগুৰিহাট,২৫জানুৱাৰী : চৰকাৰৰ দ্বাৰা চাহ কৰ্মচাৰীৰ ভৱিষ্যনিধিৰ সুবিধা কৰ্তনৰ বিৰুদ্ধে গৰজি উঠি অসম চাহ কৰ্মচাৰী সংঘ। চৰকাৰৰ বিৰুদ্ধে ঘোষণা কৰিছে তীব্ৰ গণতান্ত্ৰিক আন্দোলন ৷
অসম চাহ কৰ্মচাৰী সংঘৰ কেন্দ্ৰীয় কমিটিৰ নিৰ্দ্দেশ মৰ্মে সংঘৰ নদুৱাৰ শাখাৰ অন্তৰ্গত দিকৰাই প্ৰাথমিক গোটৰ দ্বাৰা শুকুৰবাৰে সন্ধিয়া দিকৰাই চাহ বাগিছাৰ বিনোদন ভৱনত আয়োজিত সংবাদমেলৰ জৰিয়তে এই আন্দোলনৰ কাৰ্য্যসূচী ঘোষণা কৰা হয়(Assam Tea Workers Union) ৷
অসম চাহ কৰ্মচাৰী সংঘৰ অধীনৰ দিকৰাই প্ৰাথমিক গোটটোৰ সদস্য সকলৰ উপস্থিতিত সভাপতি ৰবিন্দ্ৰ পাটৰ আৰু সম্পাদক জ্যোতিৰ্ময় তছাই কয় যে অসম চাহ খেতিৰ বাবে বিখ্যাত । এই চাহ খেতিৰ বাবেই অসমখন অৰ্থনৈতিক ভাবে টনকিয়াল হৈছে৷ কিন্তু এই চহ খেতিৰ লগত জঢ়িত চাহ কৰ্মচাৰী সকলে দীৰ্ঘদিন ধৰি বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ আহিছে৷
নূন্যতম বেটনৰ বিনিময়ত কাম কৰি অহা চাহ কৰ্মচাৰী সকলৰ বিৰূদ্ধে চৰকাৰে যোৱা ১২ নবেম্বৰত যি গেজেট নটিফিকেশ্যন জাৰি কৰিছে তাৰ দ্বাৰা চাহ কৰ্মচাৰী সকলৰ ভৱিষ্যনিধিৰ পৰা ৮(আঠ ) পৰা ৯ (ন) লাখ টকা পৰ্যন্ত লোকচান হব৷
গতিকেই চাহ কৰ্মচাৰী সংঘই অতি দুখ প্ৰকাশ কৰিছে ৷ চৰকাৰে এই নটিফিকেশ্যন শীঘ্ৰে বাতিল কৰিব লাগে৷ ইয়াৰ লগতে চাহ কৰ্মচাৰী সকলৰ ন্যাৰ্য প্ৰাপ্তিৰ দাবী সমুহ চৰকাৰে অহা ৫ ফেব্ৰুৱাৰীৰ পূৰ্বে মানি নললে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হব বুলিও সংবাদ মেলৰ জৰিয়তে সকীয়াই দিয়ে৷
ইতিমধ্যেই অসম চাহ কৰ্মচাৰী সংঘৰ কেন্দ্ৰীয় কমিটিয়ে ঘোষণা কৰা কালিৰ সংবাদমেলৰ কাৰ্য্যসূচীৰ পিচতে আজি ২৫ জানুৱাৰীত বাকী কাৰ্য্যসুচী সমুহ সামজিক মাধ্যম যোগে প্ৰচাৰ কৰা হব৷ ২৮ জানুৱাৰীত অসমৰ প্ৰতিখন চাহবাগিচাৰ কাৰ্য্যালয়ৰ সন্মুখত কৰ্মচাৰী সকলে ক’লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে পুৱা ৭ বজাৰ পৰা ১(এক) ঘন্টীয়া ধৰ্ণাৰ কাৰ্য্যসূচী ৰূপায়ন কৰিব৷
ইয়াৰ পিছতে গুৱাহাটীত অনুষ্ঠিত হব লগা “কৰ্মচাৰী গৰ্জ্জন” কাৰ্য্যসূচীত যোগদানৰ বিষয়ে সজাগতা সভা অনুষ্ঠিত হব৷ ৰাজ্যখনৰ চাহ কৰ্মচাৰী প্ৰতিনিধি সকল একত্ৰিত হৈ ৩০ জানুৱাৰীত দিনৰ ১২ বজাৰ পৰা ১ বজালৈ গুৱাহাটীৰ শ্ৰম ভৱনৰ সন্মুখত “কৰ্মচাৰী গৰ্জ্জন” কাৰ্য্যসূচী ৰূপায়নৰ পিছতে স্মাৰগ পত্ৰ প্ৰদান কৰা হব ৷
লগতে পঢ়ক :Doom Dooma News: তৰাণি সংৰক্ষিত বনাঞ্চলত এফালৰ পৰা চলিছে বন দস্যুৰ হাতোৰা