Assam Suspends Jal Jeevan Mission Amid Quality Concerns : জল জীৱন মিছনৰ বিসংগতিপূৰ্ণ কামক লৈ ভূপেন বৰাৰ সংবাদমেল
গুৱাহাটী,৬ অক্টোবৰ : জল জীৱন মিছনৰ বিসংগতিপূৰ্ণ কামক লৈ ভূপেন বৰাৰ সংবাদমেল৷ সংবাদমেলত বিভাগীয় মন্ত্ৰীক সমালোচনা APCCৰ সভাপতিৰ৷
আজি জল জীৱন মিছন সম্পৰ্কত কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন বৰাই ঘোঁৰামাৰাস্থিত নিজ বাসগৃহত এক সংবাদমেল সম্বোধন কৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাক কঠোৰ সমালোচনা কৰে ।
সভাপতি ভূপেন বৰাই কয়,”কেন্দ্ৰীয় চৰকাৰৰ JJM মানে জল জীৱন মিছন, অসমত জয়ন্তৰ জেপত মানিহে হৈছে । অসমত ২১ চনৰ পৰা জল জীৱন মিছনৰ কাম চলি আছিল । যোৱা ৩ অক্টোবৰ তাৰিখে অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সচিবে মুখ্য অভিযন্তালৈ পত্ৰ লিখিছে । য’ত লিখিছে জল জীৱন মিছনৰ অধীনত হোৱা কামবোৰ অতি নিম্নমানৰ হৈছে । সেয়েহে বন্ধ কৰিব লাগে । যাৰ ফলত অসমৰ ঘৰ ঘৰ নল হ’ল, কিন্তু জল নহ’ল । ৬৪ লাখ ৩৫ হাজাৰ পৰিয়ালক জল জীৱন মিছনৰ জৰিয়তে বিশুদ্ধ খোৱা পানী দিয়াৰ কথা আছিল । কিন্তু এইয়া নহ’ল(Assam Suspends Jal Jeevan Mission Amid Quality Concerns)।”
লগতে বৰাই কয়,”JJM ত বৃহৎ কেলেংকাৰী হৈছে । জল জীৱন মিছনৰ কামবোৰ ৮ পৰা ১৫ লৈ কমিচন দিব লগা হৈছে । এই সমগ্ৰ ঘটনা আমি CBI ৰ তদন্তৰ দাবী কৰিছোঁ । এতিয়ালৈ ৪০ শতাংশ পুঁজি মুকলি হ’ল JJMৰ । সকলোৱে মিলিজুলি কমিচন ভগাই ল’লে । আৰু ৬০ শতাংশ পুঁজি পাবলৈ বাকী আছিল । কিন্তু সেই পুঁজি কেন্দ্ৰীয় চৰকাৰে আৰু মুকলি কৰি নিদিয়ে । যাৰ কাৰণে কাম বন্ধ কৰিবলগীয়া হ’ল ।”
লগতে পঢ়ক : Road Accident In Sarbhog : হুণ্ডাই ভেনু বাহন আৰু স্কুটিৰ মাজত মুখামুখি সংঘৰ্ষ;নিহত এজন,আহত এজন