Local, Vocal, Global

জনপ্ৰতিনিধিলৈ অপেক্ষা নকৰি ৰাইজে নিজে নিৰ্মাণ কৰিলে পথ

ৰাইজে নখ জোকাৰিলে নৈ বয়। জনপ্ৰতিনিধিলৈ অপেক্ষা নকৰি কলিয়াবৰত ৰাইজে নিৰ্মাণ কৰিলে পথ। কলিয়াবৰৰ বৰঘূলিত সাধাৰণ জনসাধাৰণে নিৰ্মাণ কৰিলে ২নং বৰঘূলিত পথটো। উল্লেখ্যযে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ২ নং বৰঘূলিৰ মূল পথচোৱা ভাঙি পেলাইছিল। ইয়াৰ পিছতে গাওঁবাসীয়ে পঞ্চায়তৰ প্ৰতিনিধিনজনৰ কাষ চাপিছিল কিন্তু পথটো নিৰ্মাণত কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে। অৱশেষত উপায়বিহীন ৰাইজে হাতে কামে লাগি গাওঁবাসীয়েই নিৰ্মাণ কৰিলে পথটো।