Local, Vocal, Global

Violence hit Manipur: সংঘৰ্ষজৰ্জৰ মণিপুৰলৈ নি থকা থকাৰ অৱস্থাত জব্দ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক

কহিমা, ২৭ জুন: নাগালেণ্ডৰ কহিমাত অসম ৰাইফলছ আৰু কহিমা আৰক্ষীয়ে চলাইছিল এক যৌথ অভিযান (Assam Rifles and Kohima Police) । এই যৌথ অভিযানত দলটোৱে জব্দ কৰে অস্ত্ৰ-শস্ত্ৰকে ধৰি বহুখিনি বিস্ফোৰক সামগ্ৰী । চোৰাংকৈ সংঘাতপূৰ্ণ মণিপুৰলৈ নিবলৈ যোজা কৰাৰ সময়তে অভিযানকাৰী দলটোলে অবৈধ মাৰণাস্ত্ৰখিনি জব্দ কৰে (Operation in Kohima City of Nagaland)। মঙলবাৰে সেনাৰ পি আৰ অ’ই এক বিবৃতিযোগে এই কথা উল্লেখ কৰিছে (Defence PRO)।

উদ্ধাৰ হোৱা সামগ্ৰীসমূহৰ ভিতৰত আছে দুটা পিষ্টল আৰু বহুসংখ্যক গুলী (Pistols and ammunition)। ‘দুটা পিষ্টল, চাৰিটা মেগজিন, বহুসংখ্যক গুলীকে ধৰি বিভিন্ন বিস্ফোৰক জব্দ কৰা কৰা হৈছে ।’ পি আৰ অ’ৰ বিবৃতিটোত এইদৰে উল্লেখ কৰা হৈছে ।

পি আৰ অ’ৰ বিবৃতিটোত কোৱা হৈছে যে, নাগালেণ্ড হৈ সংঘাতপূৰ্ণ মণিপুৰলৈ অস্ত্ৰ-শস্ত্ৰসমূহ সৰবৰাহ কৰাৰ চেষ্টা চলোৱাৰ তথ্য সেনাই লাভ কৰিছিল । গোপন সূত্ৰৰ পৰা পোৱা এই তথ্যৰ ভিত্তিতে ২৬ জুনৰ পুৱতি নিশাৰ পৰা অসম ৰাইফলছ আৰু নাগালেণ্ড আৰক্ষীয়ে এক যৌথ অভিযান আৰম্ভ কৰে(Joint operation of Assam Rifles and Kohima Police)।

“আছাম ৰাইফলছে এখন যাত্ৰীবাহী বাহন প্ৰত্যক্ষ কৰি গোপনে বাহনখনৰ গতিবিধিৰ ওপৰত চোকা দৃষ্টি ৰাখিছিল । ইয়াৰ পিছতে পুৱা ৬ বজাত সেনা আৰক্ষীৰ অভিযানকাৰী দলটোৱে যৌথভাৱে গাড়ীখনত তালাচী চলায় (Assam Rifles recover weapons) ।” বিবৃতিটোত এইদৰে উল্লেখ কৰা হৈছে ।

ইফালে সোমবাৰে মণিপুৰ আৰক্ষীয়ে প্ৰকাশ কৰা এক বিবৃতিত উল্লেখ কৰা অনুসৰি, “অশান্তজৰ্জৰ ৰাজ্যখনত এতিয়ালৈকে মুঠ ১১ হাজাৰ অস্ত্ৰ-শস্ত্ৰ, ১৩,৭০২টা গুলী আৰু ২৫০টা বোমা উদ্ধাৰ কৰা হৈছে (Violence hit Manipur) । ইফালে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বৰ্তমানেও ফ্লেগ মাৰ্চ, এৰিয়া ডমিনেশ্যন, ঘেৰাওকে ধৰি তালাচী অভিযান অব্যাহত আছে।” .

উল্লেখ্য যে, বিগত ৫২ দিনতকৈও অধিক সময় ধৰি জাতিগত হিংসাৰ কবলত পৰি অশান্ত হৈ আছে মণিপুৰ (Ethnic violence in Manipur)। আৰক্ষী সূত্ৰৰ পৰা পোৱা তথ্য মতে, ৰাজ্যখনত এতিয়ালৈকে ১০০ জনতকৈ অধিক লোকৰ মৃত্যু ঘটিছে ।

বিজেপি শাসিত ৰাজ্যখনলৈ পুনৰ শান্তি ঘূৰাই অনাৰ লক্ষ্যৰে পদক্ষেপ গ্ৰহণৰ বাবে দেওবাৰে গৃহমন্ত্ৰী অমিত শ্বাহৰ সভাপতিত্বত এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হৈ যায়(Meeting chaired by Home Minister Amit Shah) ।

অনুসূচিত জনজাতিৰ তালিকাত মেইটেই সম্প্ৰদায়ক অন্তৰ্ভুক্ত কৰাৰ দাবীৰ প্ৰতিবাদত সদৌ জনজাতি ছাত্ৰ সন্থা(All Tribals Students Union)ই যোৱা ৩ মে’ত আয়োজন কৰা এক সমাৱেশত সৃষ্টি হোৱা সংঘৰ্ষৰ পিছতে সমগ্ৰ মণিপুৰত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছিল ।

বৰ্তমানেও মণিপুৰ আৰক্ষী আৰু বহুকেইটা কেন্দ্ৰীয় নিৰাপত্তা বাহিনীয়ে ৰাজ্যখনৰ স্পৰ্শকাতৰ অঞ্চলসমূহত টহল, ফ্লেগ মাৰ্চ, ঘেৰাওকে ধৰি তালাচী অভিযান অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: Anusuiya Uikey meets President : ৰাষ্ট্ৰপতিক সাক্ষাৎ মণিপুৰৰ ৰাজ্যপাল অনুচুয়া উইকীৰ