Assam Coal Mine Tragedy: কয়লা খনিত আবদ্ধ হোৱা ৩ শ্ৰমিকৰ মৃত্যু;ড্ৰোন কেমেৰাত স্পষ্ট ৩ শ্ৰমিক ওপঙি থকাৰ দৃশ্য

নিউজ ডেস্ক,৭জানুৱাৰী : কয়লা খনিত আবদ্ধ হোৱা ৩ শ্ৰমিকৰ মৃত্যু। ড্ৰোন কেমেৰাত স্পষ্ট হৈছে ৩ শ্ৰমিক ওপঙি থকাৰ দৃশ্য।মৃত ৩ শ্ৰমিকৰ মৃতদেহ বৰ্তমানলৈকে হোৱা নাই উদ্ধাৰ(Assam Coal Mine Tragedy)।
ইতিমধ্যে উদ্ধাৰকাৰী দল ভিতৰত প্ৰৱেশ কৰিছে ।হাফলং, হোজাইৰ পৰা যোৱা SDRFৰ দলে উদ্ধাৰ অভিযান চলাই আছে। উদ্ধাৰ অভিযানত অভিযন্তা, আন দক্ষ কৰ্মচাৰীও জড়িত হৈ আছে। উদ্ধাৰ অভিযান চলাই আছে NDRFৰ দলেও।
উল্লেখ্য যে, ডিমা হাছাও জিলাৰ এটা কয়লাখনিৰ ভিতৰত সোমবাৰে পুৱা হঠাৎ দ্ৰুতগতিত পানী সোমাই যোৱাৰ ফলত কেইবাজনো শ্ৰমিক আবদ্ধ হৈ পৰে । জিলাখনৰ উমৰাংছুৰ অন্তৰ্গত টিংকিলো অঞ্চলত অৱস্থিত কয়লা খনিত সংঘটিত হয় এই ঘটনা(Assam rat hole mine flood leaves 3 dead)।
লগতে পঢ়ক :JP Nadda on two-day visit to assam from today: আজি দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব জে পি নাড্ডা