JP Nadda on two-day visit to assam from today: আজি দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব জে পি নাড্ডা
নিউজ ডেস্ক,৭ডিচেম্বৰ : আজি দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব জে পি নাড্ডা।নিশা ১০ বজাত বৰঝাৰ বিমানবন্দৰত উপস্থিত হ’ব নাড্ডা।
বিমানবন্দৰৰ পৰা কইনাধৰালৈ যাব জে পি নাড্ডা। নিশাটো কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত কটাব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
৮ জানুৱাৰীৰ পুৱা নাৰেংগী সেনা ছাউনীৰ পৰা তেজপুৰলৈ উৰা মাৰিব নাড্ডা(JP Nadda on two-day visit to assam from today)।
তেজপুৰৰ পাছত মঙলদৈত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। এইমছৰ এক কাৰ্যসূচীতো অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। কাৰ্যসূচী সামৰি দিল্লীলৈ উৰা মাৰিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকী।
লগতে পঢ়ক :Rhino Horn Seizes in Merapani : তৰাণি কল্যাণপুৰত জব্দ গঁড়ৰ খৰ্গ;আটক চাৰিটা সৰবৰাহকাৰী