Local, Vocal, Global

প্ৰদীপ চন্দ্ৰন নায়াৰে অসম ৰাইফলছৰ ২১ তম ডাইৰেক্টৰ জেনেৰেল

ভাৰতৰ লেফটেনেণ্ট জেনেৰেল প্ৰদীপ চন্দ্ৰন নায়াৰে অসম ৰাইফলছৰ মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰে। অসম ৰাইফলছে উত্তৰ-পূব অঞ্চলৰ সুৰক্ষা আৰু নিৰাপত্তাৰ পৰা আৰম্ভ কৰি জনসাধাৰণক উন্নয়নমূলক কামতো সহায় কৰি আহিছে।ইয়াৰ আগতে লেফটেনেণ্ট জেনেৰেল নায়াৰ ভাৰতীয় সেনাৰ সঞ্চালক প্ৰধান হিচাপে কৰ্মৰত হৈ আছিল,তেওঁ হৈছে অসম ৰাইফলছৰ ২১ তম ডাইৰেক্টৰ জেনেৰেল ।