Local, Vocal, Global

অসম আৰক্ষীৰ বৃহৎ সফলতা-৫জন অল কায়দাক গ্ৰেপ্তাৰ

নিউজ ডেস্ক,৫মাৰ্চঃ বৰপেটা জিলাৰ হাউলীৰ কলগাছিয়াৰ পৰা ৫জন অল কায়দাক গ্ৰেপ্তাৰ কৰে অসম আৰক্ষীয়ে। অল কায়দাৰ লগত জড়িত থকাৰ সন্দেহত গ্ৰেপ্তাৰ কৰে ৫জনক। গ্ৰেপ্তাৰ কৰা লোককেইজনক আনুষ্ঠানিকভাৱে Quedat al-Jihad বুলি জনা যায়।
          আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোককেইজন হৈছে- মহম্মদ সুমন তথা ছাইফুল ইছলাম, খাইৰুল ইছলাম, বাদশ্বাহ ছুলেইমান খান, নৌশ্বুদ আলী আৰু তাইমুৰ ৰহমান খান।
        ইয়াৰে  মহম্মদ সুমন বাংলাদেশৰ । আনহাতে তিনিজন কলগাছিয়াৰ আৰু এজন হাউলীৰ বুলি জানিব পৰা গৈছে।
      আৰক্ষী প্ৰধান ভাস্কৰজ্যোতি মহন্তই সংবাদ মাধ্যমৰ আগত কয় যে এতিয়াও মাৰাথান জেৰা অব্যাহত আছে।