অসম জাতীয় পৰিষদৰ শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে ভূমি কেলেংকাৰীৰ অভিযোগ

নিউজ ডেস্ক,৫মাৰ্চঃ মাজুলী উপনিৰ্বাচনৰ পূৰ্বে অসম জাতীয় পৰিষদৰ শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে ভূমি কেলেংকাৰীৰ অভিযোগ। অসম জাতীয় পৰিষদৰ ভগ্নী সংগঠন ৰাজ্যিক জাতীয় মহিলা শক্তিৰ উপ-সভানেত্ৰী মামনি চৌধুৰী তালুকদাৰৰ বিৰুদ্ধে উঠিছে এই অভিযোগ । বেলেগৰ মাটি নিজৰ বুলি কৈ বিক্ৰী কৰিবলৈ মামনি চৌধুৰী তালুকদাৰে প্ৰৱঞ্চনাৰে ১১ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ ।এই অভিযোগ দৰিদ্ৰ নাৰায়ণ সেৱা সমিতি নামৰ এটা সংগঠনৰ ।
উল্লেখ্য যে, ব্ৰক্ষ্মপুত্ৰ গুৰুকুল নামৰ এখন বিদ্যালয়ৰ বাবে দৰিদ্ৰ নাৰায়ণ সেৱা সমিতিয়ে ক্ৰয় কৰিছিল মাটিখিনি। থানাত চুক্তিপত্ৰ কৰাৰ পিছতো ধন ঘূৰাই নিদিয়াৰ অভিযোগ কৰে সংগঠনটোৱে।