Local, Vocal, Global

Assam Police STF Nabs ISIS Leader Haris Farooqi And Accomplice In Dhubri : ধুবুৰীত গ্ৰেপ্তাৰ ISISৰ দুই শীৰ্ষ পৰ্যায়ৰ নেতা

নিউজ ডেস্ক,২১মাৰ্চ : STFৰ অভিযানত গ্ৰেপ্তাৰ দুই শীৰ্ষ ISISৰ নেতা । ধুবুৰীত গ্ৰেপ্তাৰ হ’ল ISISৰ দুই শীৰ্ষ পৰ্যায়ৰ নেতা । NIA ৰ ম’ষ্টৱাণ্টেডৰ তালিকাত আছে দুই দুৰ্ধৰ্ষ নেতা ।ISIS ৰ দৰে উগ্ৰপন্থী সংগঠনৰ দুই শীৰ্ষ নেতাক গ্ৰেপ্তাৰৰ পিচতেই ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য(Assam Police STF Nabs ISIS Leader Haris Farooqi And Accomplice In Dhubri) ।

ধুবুৰীত অসম আৰক্ষীৰ আই জি পি পাৰ্থসাৰথি মহন্তৰ নেতৃত্বত অভিযান চলাইছিল । ধুবুৰীৰ ধৰ্মশালা অঞ্চলত গোপনে অভিযান চলাইছিল অসম আৰক্ষীৰ STF ৰ দলে।

উল্লেখ্য যে, অসম আৰক্ষীৰ STF ৰ বৃহৎ দলে ১৯ মাৰ্চৰ সন্ধিয়া গুৱাহাটীৰ পৰা আহি ধুবুৰীত উপস্থিত হয় । প্ৰায় ৭/৮ ঘণ্টা বাহৰ পাতি থাকি বুধবাৰে পুৱা প্ৰায় ৪.৩০ মান বজাত ধৰ্মশালা অঞ্চলৰ পৰা আটক কৰে ISIS ৰ দুই শীৰ্ষ নেতাক। তাৰ পিচতেই গুৱাহাটী STF ৰ কাৰ্যালয়লৈ নিয়া হয় ধৃত নেতাদ্বয়ক।পৰৱৰ্তী সময়ত NIA ৰ হাতত চমজাই দিয়া হয় নেতাদ্বয়ক ।

প্ৰাপ্ত তথ্য অনুসৰি, বাংলাদেশৰ পৰা ISIS ৰ দুই শীৰ্ষ নেতাদ্বয়ে ধুবুৰীত প্ৰৱেশ কৰিছিল। তেনে সময়তে STF ৰ দলটোৱে আটক কৰিবলৈ সক্ষম হয় দুয়োকে ৷ ধৃত দুজনৰ ভিতৰত এজন হৈছে দেৰাদুনৰ ছক্ৰতাৰ হাৰিছ ফাৰুকী ওৰফে হাৰিছ আজমল ফাৰুকী আৰু আনজন হৈছে তেওঁৰ সহযোগী নেতা অনুৰাগ সিং। হাৰিছ ফাৰুকী ওৰফে হাৰিছ আজমল ফাৰুকী হৈছে ISISৰ ভাৰত শাখাৰ মুৰব্বী ।

ইপিনে অনুৰাগ সিঙে ধৰ্মান্তৰিত হৈ ইছলাম ধৰ্ম গ্ৰহণৰ পিচত বাংলাদেশী এগৰাকী মহিলাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈ বাংলাদেশত আশ্ৰয় লৈ আছিল ৷ তথ্য অনুসৰি, ভাৰত-বাংলা সীমান্তৱৰ্তী অঞ্চলত উপস্থিত হৈ বিভিন্ন কূটাঘাতমূলক কাৰ্য আৰু সদস্য ভৰ্তি অভিযান চলোৱাৰ বাবে বিভিন্ন ব্লুপ্ৰিণ্ট ৰচনা কৰি ভাৰত তথা অসমৰ ভূমিত প্ৰৱেশ কৰিছিল ।

লগতে পঢ়ক : Tragic Road Accident in Tezpur: দুটাকৈ পৃথক পৃথক স্থানত শোকাৱহ পথ দুৰ্ঘটনা;নিহত এজন,আহত ৪জন