Local, Vocal, Global

Banned Cough Syrup Bottles Seized : অসম-ত্ৰিপুৰা সীমান্তত জব্দ বুজন পৰিমাণৰ কফ চিৰাফ

নিউজ ডেস্ক, ১৯ নৱেম্বৰ : পুনৰ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান কৰিমগঞ্জ আৰক্ষীৰ(Banned Cough Syrup Bottles Seize) । দেওবাৰে কৰিমগঞ্জ আৰক্ষীয়ে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই । অভিযান চলাই কৰিমগঞ্জৰ অসম-ত্ৰিপুৰা সীমান্তৰ চুৰাইবাৰীত । এই অভিযানত আৰক্ষীয়ে জব্দ কৰে বুজন পৰিমাণৰ কফ চিৰাফ(Assam Police Seizes Large Quantity Of Banned Cough Syrup In Anti-Drug Trafficking Operation) ।

উল্লেখ্য যে, দেওবাৰে কৰিমগঞ্জ আৰক্ষীয়ে কৰিমগঞ্জৰ অসম-ত্ৰিপুৰা সীমান্তৰ চুৰাইবাৰীত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই । অভিযানত চুৰাইবাৰীত এখন ট্ৰাকৰ পৰা জব্দ কৰে নিচাজাতীয় ফেঞ্চিডাইল কফ চিৰাফ ।

জানিব পৰা মতে ট্ৰাকখন ত্ৰিপুৰালৈ গৈ থকা অৱস্থাত জব্দ কৰে আৰক্ষীয়ে । জব্দকৃত ট্ৰাকখনৰ নম্বৰ RJ 04 GB- 3615 বুলি জানিব পৰা গৈছে ।

প্ৰাপ্ত তথ্য অনুসৰি ট্ৰাক খনত তালাচী চলাই গোপন চেম্বাৰৰ পৰা ১২,৫০০ বটল কোডিন ফছফেট্ জাতীয় ফেন্চিডাইল কফ চিৰাফ জব্দ কৰে। ট্ৰাক খনত পৰিবহন কৰা বিভিন্ন সামগ্ৰীৰ তলত গোপন চেম্বাৰ সাজি লুকাই অনা হৈছিল বুজণ পৰিমাণৰ নিচাজাতীয় কফ ছিৰাপ খিনি।জব্দকৃত কফ ছিৰাপৰ মূল্য চোৰাং বজাৰত প্ৰায় ৫০ লক্ষাধিক টকা হ’ব বুলি জানিব পৰা গৈছে।

ইতিমধ্যে কফ ছিৰাপ সৰবৰাহৰ অভিযোগত ট্ৰাক চালক জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ধৃত চালক জনৰ‌ নাম ছেনাৰাম বুলি চিনাক্ত কৰা হৈছে । তেওঁৰ ঘৰ ৰাজস্থানত ।‌ কফ ছিৰাপ খিনি ক’ৰপৰা ক’লৈ লৈ যোৱা হৈছিল এতিয়াও এই বিষয়ে কোনো তথ্য লাভ কৰা নাই । আৰক্ষীয়ে এই সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰিছে(Banned cough syrup bottles worth Rs 30 lakh seized during raid near Tripura border)।

লগতে পঢ়ক :UP Bans Sale Of Halal Certified Products With Immediate Effect : উত্তৰ প্ৰদেশ চৰকাৰে নিষিদ্ধ কৰিছে হালাল মাংস