Local, Vocal, Global

Assam Police Seize 44.3 kg Cannabis : গুৱাহাটী ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

নিউজ ডেস্ক,৮জুন : গুৱাহাটী ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা ।

শনিবাৰে ৰে’ল আৰক্ষীৰ গুৱাহাটী ৰে’ল ষ্টেচনত অভিযান চলাই জব্দ কৰে গাঞ্জাখিনি ।

নিউ তিনিচুকীয়া বাংগালুৰু এক্সপ্ৰেছত চলোৱা তালাচীৰ সময়তে ৰেল আৰক্ষীয়ে ৭০ টাকৈ পেকেটত ৪৪.৩০০ কিলোগ্ৰাম গাঞ্জা জব্দ কৰে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কেৰেলাৰ নায়জ আহমেদ, চাৰাফুদ্দিন পি নামৰ লোক দুজনক গ্ৰেপ্তাৰ কৰিছে(Assam Police Seize 44.3 kg Cannabis) ।

ৰে’ল আৰক্ষীয়ে জনোৱা অনুসৰি লোক দুজনে গাঞ্জাখিনি গুৱাহাটীৰ পৰা বাংগালুৰুলৈ নিয়াৰ প্ৰচেষ্টা চলাইছিল ।

লগতে পঢ়ক : Man died of electric shock : শোকাৱহ দুৰ্ঘটনা; বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু ব্যক্তিৰ