Local, Vocal, Global

অসম আৰক্ষীৰ অভিযানত পুনৰ উদ্ধাৰ জব্দ Cough Syrup

নিউজ ডেস্ক, ১২ জুলাই : সোমবাৰে অসম আৰক্ষীয়ে কৰিমগঞ্জ জিলাত এখন ডাম্পাৰ ট্ৰাকৰ পৰা ৫০ লাখ টকাৰ codeine-আধাৰিত cough syrupৰ ৯,৯০০ বটল জব্দ কৰে।

গোপন সূত্ৰৰ জৰিয়তে কৰিমগঞ্জ আৰক্ষীৰ এটা দলে আৰম্ভ কৰা অভিযানত বদৰপুৰ অঞ্চলত ৰাজপথত এখন ডাম্পাৰ ট্ৰাক বাধা দিয়ে।

অনুসন্ধান কৰাৰ পিছত, আৰক্ষীৰ দলটোৱে ট্ৰাকৰ পৰা ৯,৯০০ বটল কোডিন-আধাৰিত কাঁহৰ দৰব উদ্ধাৰ কৰে, ,

কৰিমগঞ্জৰ এছ পি পদ্মনাভ বৰুৱাই জনায় যে “ট্ৰাকৰ চালকজনে অঞ্চলটোৰ পৰা পলায়ন কৰিছিল। ট্ৰাকৰ চালক আৰু মালিকক ধৰিবলৈ আমাৰ অভিযান চলি আছে। জব্দ কৰা কাহ চিৰাপৰ বটলবোৰৰ বজাৰ মূল্য প্ৰায় ৫০ লাখ টকা বুলি অনুমান কৰা হৈছে,”।

ইফালে, বদৰপুৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে আৰু ঘটনা সন্দৰ্ভত পৰৱৰ্তী অনুসন্ধান চলি আছে।