SCERT Scam:বহু কোটি টকীয়া কেলেংকাৰীত অভিযুক্ত শেৱালি দেৱী শৰ্মাসহ ৩ অভিযুক্তক আজমেৰৰ আদালতত হাজিৰ
গুৱাহাটী, ৮ মে’ : ১০৫ কোটি টকাৰ কেলেংকাৰীত অভিযুক্ত আইএএছ বিষয়া শেৱালি দেৱী শৰ্মা, অজিত পাল সিং আৰু আমিনক সোমবাৰে আজমেৰৰ আদালতত হাজিৰ কৰাই অসম আৰক্ষীয়ে ট্ৰেঞ্জিট ৱাৰেণ্টৰ বাবে আবেদন দাখিল কৰে (Suspended IAS Sewali Devi Sharma) । সোমবাৰে পুৱা কোটোৱালি আৰক্ষী থানাৰ লগতে অসমৰ পৰা যোৱা অসম আৰক্ষীৰ দলটোৱে অভিযুক্তক অসমলৈ অনাৰ বাবে অতিৰিক্ত জ্যেষ্ঠ অসামৰিক ন্যায়াধীশ (Additional Senior Civil Judge)আৰু অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশৰ (Additional Chief Judicial Magistrate Court) আদালতৰ ১ নং আদালতত ট্ৰেনজিট ৱাৰেণ্টৰ বাবে আবেদন দাখিল কৰে (Transit warrant from court)। জানিব পৰা মতে, আদালতৰ পৰা ট্ৰেঞ্জিট ৱাৰেণ্টৰ অনুমোদন লাভ কৰাৰ পিছতে অসম আৰক্ষীয়ে শেৱালি দেৱী শৰ্মাক অসমলৈ আনিব ।
ইফালে আদালতত হাজিৰ কৰোৱাৰ সময়ত তিনিওজন অভিযুক্তই সংবাদ মাধ্যমৰ পৰা নিজৰ মুখ লুকুৱাই ৰাখিবলৈ চেষ্টা কৰা পৰিলক্ষিত হয় । ইফালে অসম আৰক্ষীৰ বিষয়াও সংবাদ মাধ্যমৰ আগত ব্যক্তব্য প্ৰদানৰ পৰা বিৰত থাকে । উল্লেখ্য যে, এই সমগ্ৰ বিষয়টোৰ তদন্ত প্ৰক্ৰিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ নিৰীক্ষণত আগবাঢ়িছে ।
শুকুৰবাৰৰ পৰা SCERT কেলেংকাৰীৰ অভিযুক্ত আইএএছ বিষয়া শেৱালি দেৱী শৰ্মা, তেওঁৰ জোঁৱায়েক অজিত পাল সিং আৰু ঠিকাদাৰ আমিনে জয়পুৰ ৰোডৰ ক্ৰছলাইন হোটেলত বাহৰ পাতি আছিল (Cross Land Hotel on Jaipur Road)। এই হোটেলৰ পৰাই দেওবাৰে সন্ধিয়া কোটৱালী আৰক্ষী থানাৰ (Kotwali police station)সহযোগত অসম আৰক্ষীৰ দলটোৱে দুই সংগীসহ শেৱালি দেৱী শৰ্মাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় (SCERT Scam accuse Sewali Devi Sharma Arrested)।
উল্লেখ্য যে, SCERT-ৰ প্ৰাক্তন সঞ্চালক হিচাপে আইএএছ শেৱালি দেৱী শৰ্মা নিয়োজিত হৈ থকাৰ সময়ত অসম ৰাজ্যিক শিক্ষা, গৱেষণা আৰু প্রশিক্ষণ পৰিষদত (SCERT) 105 কোটি টকীয়া কেলেংকাৰিত অভিযুক্ত হৈছিল শেৱালি দেৱী (Accused of 105 crore scam)। অৱশেষত শেৱালি দেৱী শৰ্মা, অজিত পাল সিং, আমিনৰ লগতে সহায়কাৰী মাজনী কাইঠা অসম আৰক্ষীৰ জালত পৰে ৷
অসমৰ এইগৰাকী মহিলা আইএএছ বিষয়াৰ বিৰুদ্ধে ১০৫ কোটি টকাৰ কেলেংকাৰীৰ অভিযোগ আছে । ইতিমধ্যে আইএএছ বিষয়া শেৱালি দেৱী শৰ্মাক অসম চৰকাৰে নিলম্বন কৰিছে ।