Local, Vocal, Global

Assam Police dead body found in Puranigudam : বঢ়মপুৰত আৰক্ষীৰ মৃতদেহ উদ্ধাৰ, দুদিন ধৰি সন্ধানহীন হৈ আছিল

নিউজ ডেস্ক, ১৭ আগষ্ট : বঢ়মপুৰত আৰক্ষীৰ মৃতদেহ উদ্ধাৰ (Assam Police dead body found in Puranigudam)। নৱম অসম আৰক্ষী বাহিনীৰ কাৰ্যালয়ৰ চৌহদত উদ্ধাৰ হৈছে মৃতদেহটো । নগাঁও জিলাৰ ইটাচালী টাউন আৰক্ষী চকীৰ অন্তৰ্গত বঢ়মপুৰস্থিত নৱম অসম সশস্ত্ৰ আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ৰ চৌহদত থকা এটা দ’ পুখুৰীৰ পৰা আজি পুৱা উদ্ধাৰ হয় এজন লোকৰ মৃতদেহ (Body of Police recovered from Pond in Barhampur)। বাহিনীটোৰ চৌহদতে নিৰ্মাণ কৰা এটা দুৰ্গা মন্দিৰৰ কাষতে থকা পুখুৰীটোৰ পৰা উদ্ধাৰ হোৱা লোকজন অতুল বৈৰাগী (৪৯) বুলি চিনাক্ত কৰা হৈছে ।

জানিব পৰা মতে, পুৰণিগুদাম পথাৰআগ নিবাসী অতুল বৈৰাগী বাহিনীটোৰ নায়ক হিচাপে শেহতীয়াকৈ পদোন্নতি লাভ কৰিছে । ১৫ আগষ্টৰ পুৱা ভাগত লোকজনক সহকৰ্মীসকলে প্ৰত্যক্ষ কৰিছিল যদিও তাৰ পিছৰ পৰা তেওঁ সন্ধানহীন হৈ আছিল।

গুৰুত্বপূৰ্ণ যে ১৫ আগষ্টৰ পুৱাৰে পৰা সন্ধানহীন হৈ আছিল আৰক্ষী জোৱানজন। ১৫ আগষ্টৰ পুৱা পেৰেডৰ বাবে যাবলৈ সতীৰ্থ আৰক্ষীয়ে তেওঁক অপেক্ষা কৰি আছিল যদিও বহু দেৰিলৈ অহা নাছিল। এনে অৱস্থাত পেৰেডৰ বাবে সতীৰ্থসকল গুচি যায়। তেতিয়াৰ পৰা তেওঁ নিৰুদ্দেশ হৈ থাকে।

পিছত আজি পুৱা সন্ধানহীন হৈ থকা আৰক্ষী জোৱানজনৰ মৃতদেহ সাধাৰণ সাজত পানীত ওপঙি থকা প্ৰত্যক্ষ কৰাৰ পিছতে উদ্ধাৰ কৰে মৃতদেহ । পিছত দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে মৃতদেহটো নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

অৱশ্যে কি পৰিস্থিতিত পৰি তেওঁৰ মৃত্যু হয় সেই কথা এতিয়াও স্পষ্ট হোৱা নাই। কোনো লোকে তেওঁ সুৰাপান কৰা আৰু সাংসাৰিক খেলি-মেলিৰ বাবে শেহতীয়াকৈ দুঃচিন্তাত ভূগিছিল বুলিও ধাৰণা কৰিছে । ঘটনাটোৱে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

লগতে পঢ়ক : Murdering wife in Rangia : ৰঙিয়া আৰক্ষীৰ জালত পৰিল কনিষ্টবল, পত্নীক হত্যাৰ গোচৰত গ্ৰেপ্তাৰ