Local, Vocal, Global

SPRO Kukil Dutta died : স্বাধীনতা দিৱসৰ পেৰেডৰ অনুশীলনৰ সময়ত গুৱাহাটীত অসম আৰক্ষীৰ কনিষ্টবলৰ মৃত্যু

নিউজ ডেস্ক, ১২ আগষ্ট : স্বাধীনতা দিৱসৰ পূৰ্বে অকাল মৃত্যুক সাৱটি ল’লে অসম আৰক্ষীত কৰ্মৰত এজন জোৱান কুকিল দত্তই (SPRO Kukil Dutta died)। আগন্তুক স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণৰ উদ্দেশ্যৰে গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিত্‍সা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈ থকা পেৰেড অনুশীলনত ব্যস্ত আছিল জোৱানজন । কিন্তু অতি ৰহস্যজনকভাৱে পেৰেড অনুশীলনৰ মাজতেই মৃত্যু হয় অসম আৰক্ষীৰ অনাতাঁৰ সংগঠনত কৰ্মৰত জোৱান কুকিল দত্তৰ (Assam police constable dies in Guwahati during I day parade practice)।

কুকিল দত্ত অসম আৰক্ষী ৰেডিঅ’ অৰ্গেনাইজেশ্যন (APRO) অধীনত তেজপুৰত নিযুক্ত হৈ আছিল । কুকিল দত্ত লখিমপুৰৰ বাসিন্দা আছিল । সমাগত স্বাধীনতা দিৱসৰ পেৰেডত অংশগ্ৰহণৰ বাবে তেওঁক গুৱাহাটীলৈ পঠোৱা হৈছিল । শুকুৰবাৰে পেৰেড অনুশীলনৰ সময়ত অসুস্থ হৈ আকস্মিক মৃত্যুক সাৱটি লয় কুকিলে ।

তাৰ পাছত কুকিলৰ ঘৰৰ মানুহে লাভ কৰিলে কুকিলৰ মৃত্যুৰ খবৰ । এই খবৰৰ পিছতে কুকিলৰ পৰিয়ালত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ।

উল্লেখ্য ইয়াৰ মাজতে উত্থাপন হৈছে বিভিন্ন প্ৰশ্নৰ । স্থানীয় এজন লোকে উল্লেখ কৰা অনুসৰি, এটা সাধাৰণ পলিথিনেৰে মেৰিয়াই শনিবাৰে পুৱা আৰক্ষীয়ে কুকিলৰ নশ্বৰদেহ লখিমপুৰৰ গড়েহগা ঢেকিয়াল গাঁৱৰ স্ব-গৃহলৈ লৈ অনা হয় । তাৰ পাছতে ৰাইজৰ অজ্ঞাতে কাহিলি পুৱাতেই অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় কুকিলৰ । কৰ্মৰত অৱস্থাত মৃত্যু হোৱাৰ পাছতো বিভাগীয় মৰ্যদা অবিহনেই পঞ্চভূতত বিলীন হ’ল কুকিলৰ মৃতদেহ । এই সন্দৰ্ভত নিমাত অসম আৰক্ষী ।

উল্লেখ্য যে, শান্ত, অমায়িক স্বভাৱৰ ল’ৰা আছিল কুকিল । সকলোৰে লগত হাঁহি মাতি থকা ল’ৰাটোৰ এই অকাল মৃত্যুৰ খবৰে এতিয়া শোকস্তব্ধ কৰি তুলিছে লখিমপুৰবাসীক । কুকিল দত্তৰ মৃত্যুত অসম আৰক্ষী বাহিনীত শোকৰ ছাঁ সৃষ্টি হৈছে। কুকিল আছিল এজন যুৱ আৰু প্ৰতিশ্ৰুতিসম্পন্ন আৰক্ষী জোৱান । তেওঁৰ অকাল মৃত্যুত বাহিনীটোৰ বাবে এক ক্ষতি ।

কুকিলৰ মৃতদেহ লখিমপুৰৰ বাসগৃহলৈ লৈ যোৱা হয়। বহু সংখ্যক লোকে তেওঁৰ বাসগৃহত উপস্থিত হৈ যুৱ আৰক্ষী জোৱানজনক শেষ শ্ৰদ্ধাঞ্জলি জনায় ।

আনহাতে কুকিল দত্তৰ মৃত্যুক লৈ অসম আৰক্ষীৰ প্ৰতি অঞ্চলবাসীৰ ক্ষোভ, সামৰিক মৰ্যদাতো বাদেই, কৰ্মৰত অৱস্থাতে অকাল মৃত্যুক সাৱটি লোৱা কুকিলৰ মৃতদেহ কঢ়িয়াই আনিবলৈ অভাৱ হ’ল এটা কফিনৰো । কিয় সকলো কথা গাপ দিয়াৰ চেষ্টা কৰিছে অসম আৰক্ষীয়ে ? কুকিলৰ মৃত্যুত আছে নেকি কিবা ৰহস্য ? এই প্ৰশ্ন উত্থাপন কৰিছে গাওঁবাসীয়ে ।

জানিব পৰা মতে, কুকিলৰ পিতৃ লোকনাথ দত্তও আছিল আৰক্ষী বিভাগত কৰ্মৰত এজন লোক । তেওঁ অৰুণাচল আৰক্ষীৰ পৰা অৱসৰ গ্ৰহণ কৰে । লোকনাথ দত্তৰ তিনি কন্যা আৰু দুই পুত্ৰৰ ভিতৰত কুকিল আছিল কনিষ্ঠ সন্তান । মাত্ৰ এবছৰৰ পূৰ্বে কুকিলে অসম আৰক্ষীৰ অনাতাঁৰ সংগঠনত যোগদান কৰিছিল ।

মৃত কনিষ্টবলজনৰ শোকসন্তপ্ত পৰিয়াললৈ অসম আৰক্ষীয়ে গভীৰ শোক প্ৰকাশ কৰিছে।

লগতে পঢ়ক : Deadbody recovered in Lakhimpur : লখিমপুৰৰ কাকৈ নৈত উদ্ধাৰ এজন লোকৰ মৃতদেহ, হত্যাৰ অভিযোগ পৰিয়ালৰ