Local, Vocal, Global

Assam police arrest drug peddler from Cachar : কাছাৰত অসম আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট

নিউজ ডেস্ক,২৪ছেপ্টেম্বৰ : ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান ।কিন্তু তাৰ মাজতে ৰাজ্যত অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ । হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে শাসনলৈ আহিয়েই ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে যি হুংকাৰ দিছিল তাক ওফৰাই এতিয়াও ড্ৰাগছৰ ব্যৱসায় অব্যাহত ৰাখিছে একাংশ দুষ্টচক্ৰই । ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছে যুৱ প্ৰজন্ম । নগৰ অঞ্চলৰ লগতে এতিয়া গ্ৰামাঞ্চলটো ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ড্ৰাগছ আসক্তৰ সংখ্যা । যাৰ ফলত বহু পৰিয়াললৈ নামি আহিছে ঘোৰ অমানিশা(Assam police arrest drug peddler from Cachar with Yaba tablets worth Rs 2 cr) ।

বৰ্তমান সময়ত যুৱ প্ৰজন্মৰ একাংশ তিলতিলকৈ ধ্বংসৰ গৰাহলৈ গৈ থকাৰ আঁৰত আছে ড্ৰাগছ আসক্তি(Drugs paddler arrested)। সুৰাপানৰ সমান্তৰালকৈ বৰ্তমান সময়ত বিভিন্ন ধৰণৰ ড্ৰাগছ সেৱনৰ ঘটনা আমাৰ বাবে অজান নহয়। প্ৰধানকৈ কৈশোৰৰ পৰা যৌৱনপ্ৰাপ্তিৰ কালছোৱাৰ সময়ত সহজেই ল’ৰা-ছোৱালী ড্ৰাগছৰ কৱলত পৰা দেখা যায়(Assam police arrest drug peddler from Cachar)। ড্ৰাগছ ক্ৰয় কৰিবৰ বাবে প্ৰয়োজনীয় পইছাৰ অভাৱত বহু সময়ত বিভিন্ন ধৰণৰ অপৰাধ পৰ্যন্ত কৰিবলৈয়ো পিছ হুহকি নাযায় তৰুণ-তৰুণী । ড্ৰাগছৰ কবলত পৰিলে অতি সহজেই শৰীৰ আৰু মন নিচাগ্ৰস্ত হৈ পৰে (Drugs paddler arrested in Cachar )।

আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ । একাংশ দুষ্ট চক্ৰই কৰি আছে ইয়াৰ সৰবৰাহ । ড্ৰাগছৰ লগতে একাংশ দুষ্ট চক্ৰই সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰীৰ । চৰকাৰে যি নিচামুক্ত অসম গঢ়াৰ কথা কৈছিল তাক যেন উফৰাই পেলাইছে একাংশই ।

এইবাৰ কাছাৰত জব্দ বৃহত পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ ।শনিবাৰে অসম আৰক্ষীয়ে কাছাৰ জিলাত বহু পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰাৰ লগতে এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে বুলি বিষয়াসকলে জানিবলৈ দিয়ে ।

আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি জব্দকৃত ড্ৰাগছখিনিৰ আনুমানিক মূল্য প্ৰায় ২ কোটি টকা। আৰক্ষীৰ তথ্য অনুসৰি গ্ৰেপ্তাৰ কৰা লোকজন আজাদ উদ্দিন বৰলস্কৰ (৩১) ।

কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তা জনোৱা অনুসৰি, এক গোপন সূত্ৰৰ ভিত্তিত কাছাৰ জিলাৰ আৰক্ষীৰ এটা দলে অভিযান চলাই বানস্কান্দি-শিলচৰ পথত জব্দ কৰিবলৈ সক্ষম হয় ড্ৰাগছখিনি । আৰক্ষীৰ দলটোৱে এখন গাড়ী জব্দ কৰে ।জব্দকৃত বাহনখনৰ পৰা ১৮ হাজাৰ য়াবা টেবলেট জব্দ কৰাৰ লগতে কাছাৰ জিলাত এটা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে । জব্দ কৰা ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ২ কোটি টকা বুলিও আৰক্ষী অধীক্ষক মাহাত্তাই কয় । এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :Drugs paddler arrested: ৰাজ্যত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ