WATCH | Assam Orunodoi 3.0 scheme : অভয়াপুৰীত অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন হোৱা হিতাধিকাৰীৰ প্ৰতিবাদ

অভয়াপুৰী,২০মাৰ্চ : বঙাইগাঁও জিলাৰ অভয়াপুৰীত অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন হোৱা হিতাধিকাৰীৰ প্ৰতিবাদ।
অভয়াপুৰীৰ টাপাট্টাৰী উন্নয়ন খণ্ডৰ কাৰ্যালয়ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে নাম কৰ্তন হোৱা হিতাধিকাৰী সকলে।
প্ৰতিবাদ সাব্যস্ত কৰা প্ৰতিবাদী সকলৰ ভিতৰত কেইবাগৰাকী বিশেষ ভাৱে সক্ষম হিতাধিকাৰীও থকাটো পৰিলক্ষিত হয়(Assam Orunodoi 3.0 scheme)।
হিতাধিকাৰী বাছনি সমিতিয়ে ব্যাপক অনিয়ম আৰু স্বজন-তোষনৰ আশ্ৰয় লোৱাৰ অভিযোগ প্ৰতিবাদকাৰীৰ।
টাপাট্টাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত প্ৰায় শতাধিক হিতাধিকাৰীয়ে অংশগ্ৰহণ কৰে উক্ত প্ৰতিবাদী কাৰ্যসূচীত ৷
লগতে পঢ়ক : WATCH | Assam Orunodoi 3.0 scheme : বিলাসীপাৰাত অৰুণোদয় ৩.০আঁচনিত হিতাধিকাৰী বাচনিত ব্যাপক অনিয়মৰ অভিযোগ