Assam man Goes Missing in Visakhapatnam :বিশাখাপট্টনমত সন্ধানহীন চামগুৰিৰ সুকুমাৰ দাস

নিউজ ডেস্ক,১৬জুন : পুনৰ বহি:ৰাজ্যত নিৰুদ্দেশ অসমৰ এজন । কামৰ সন্ধানত প্ৰতিবছৰে অসমৰ পৰা বহু যুৱক-যুৱতী অসমৰ বাহিৰলৈ ওলাই যায় ৷
ভাৰতৰ প্ৰায় প্ৰতিখন ৰাজ্যতে ভৰি আছে অসমৰ যুৱক-যুৱতীৰে ৷ স্বাৱলম্বী হৈ নিজৰ লগতে পৰিয়াল পোহপাল দিয়াৰ মানসেৰে ওলাই যোৱা বহু অসমীয়াই কিন্তু ৰাজ্যৰ বাহিৰত প্ৰাণ হেৰুওৱাৰ কাহিনীও আমি প্ৰায়ে শুনিবলৈ পাওঁ৷
উপযুক্ত কৰ্মসংস্থাপনৰ অভাৱত অসমৰ হাজাৰ হাজাৰ নিৱনুৱাই কৰ্মসংস্থাপন বিচাৰি কেৰেলা, বাঙ্গালুৰু, হায়দৰাবাদ, চেন্নাই আদি বহিঃৰাজ্যলৈ ঢাপলি মেলে । ইতিমধ্যে দেশৰ বিভিন্ন স্থানত অসমৰ হাজাৰ হাজাৰ যুৱক শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছে (Assam man Goes Missing in Visakhapatnam) ।
কিন্তু বহিঃৰাজ্যত কৰ্মৰত হৈ থকা অসমীয়া লোক নিৰাপত্তাহীনতাত ভোগা দেখিবলৈ পোৱা গৈছে। প্ৰতিদিনে বহিঃৰাজ্যত কৰ্মৰত যুৱক-যুৱতী ৰহস্যজনকভাৱে নিখোঁজ, মৃত্যু হোৱাৰ খবৰে ইয়াক অধিক দৃঢ় কৰি তুলিছে ৷
প্ৰায়েই সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰা দেখা যায় এনে ঘটনাসমূহে । বৰ্ণবৈষম্যকে ধৰি বিভিন্ন কাৰণত অসমীয়া ব্যক্তি সন্ধানহীন হোৱাৰ লগতে বহি:ৰাজ্যত অসমীয়াক হত্যা কৰাৰ ঘটনা আজিকালি দৈনিক দৃশ্যমান ৷ ইয়াৰ সমান্তৰালকৈ পুনৰ পোহৰলৈ আহিছে আন এক ঘটনা।
পুনৰ বহিৰাজ্যত সন্ধানহীন অসমৰ যুৱক । এইবাৰ বিশাখাপট্টনমত সন্ধানহীন চামগুৰিৰ যুৱক। ১৫ মে’ৰ পৰা সন্ধানহীন চামগুৰিৰ এৰাকলঙৰ যুৱক সুকুমাৰ দাস।
জানিব পৰা মতে, ১৪ মে’ত ৪জন বন্ধুৰ সৈতে বাংগালুৰুলৈ গৈছিল সুকুমাৰ দাস। ১৫ মে’ত বিশাখাপট্টনমত ৰে’লৰ পৰা নমাৰ পাছতেই সন্ধানহীন যুৱকজন। যুৱকজনক বিচাৰি বিশাখাপট্টনমত উপস্থিত পৰিয়ালৰ লোক। বিশাখাপট্টনম আৰক্ষীৰ কাষ চাপিছে পৰিয়ালৰ লোক। যুৱকজনৰ সন্ধান পালে আৰক্ষীক অৱগত কৰাৰ আহ্বান পৰিয়ালৰ।
লগতে পঢ়ক : Sunil Gogoi Murder Case : সুনীল গগৈৰ হত্যাকাণ্ডৰ নতুন মোৰ; জ্বলাই দিয়া মৃতদেহ সুনীল গগৈৰ নোহোৱাৰ সম্ভাৱনা