Chhattisgarh Maoist attack : ছত্তীশগড়ৰ নাৰায়ণপুৰত সুৰক্ষা বাহিনী আৰু মাওবাদীৰ মাজত সংঘৰ্ষ;সংঘর্ষত নিহত হয় ৮ জন মাওবাদী, এগৰাকী জোৱান ছহিদ

নিউজ ডেস্ক,১৬জুন : শনিবাৰে ছত্তীশগড়ৰ নাৰায়ণপুৰত সুৰক্ষা বাহিনী আৰু মাওবাদীৰ মাজত সংঘৰ্ষৰ । শনিবাৰে ছত্তীশগড়ৰ বাস্তাৰ সংমণ্ডলত সুৰক্ষা বাহিনীৰ সৈতে হয় এই সংঘর্ষ । সংঘর্ষত নিহত হয় ৮ জন মাওবাদী । এই সংঘর্ষত বিশেষ কাৰ্যবাহনীৰ এগৰাকী জোৱান ছহিদ হয় আৰু অন্য দুগৰাকী সুৰক্ষা কৰ্মী গুৰুতৰভাৱে আহত হয়(Chhattisgarh Maoist attack)।
জানিব পৰা মতে, বাস্তাৰ সংমণ্ডলৰ অবুঝমাড় এলেকাত কেইজনমান মাওবাদীৰ সম্ভেদ লাভ কৰিছিল সুৰক্ষা কৰ্মীয়ে । বি এছ এফ, আই টি বি পি, জিলা সংৰক্ষিত বাহিনী আৰু বিশেষ কার্যবাহিনীৰ এটা যৌথ দলে তালাচী চলোৱাৰ সময়ত এই সংঘৰ্ষৰ সূত্রপাত হয়। সংঘর্ষস্থলীৰ পৰা দুটা ৰাইফল, এটা বি জি এল লন্সাৰ আৰু বুজন পৰিমাণৰ অস্ত্র-শস্ত্র উদ্ধাৰ কৰা হৈছে। অঞ্চলটোত তালাচী অভিযান অব্যাহত আছে।
উল্লেখযোগ্য যে ছত্তীশগড়ৰ নাৰায়ণপুৰ জিলাৰ আবুঝ্মাদ অঞ্চলত বিগত দুদিন ধৰি সুৰক্ষা বাহিনী আৰু মাওবাদীৰ মাজত অবিৰতভাৱে সংঘৰ্ষ অব্যাহত আছে ৷ ১৪ জুনৰ পুৱাৰে পৰা আৰম্ভ হৈছিল এই সংঘৰ্ষ।
লগতে পঢ়ক : Assam man Goes Missing in Visakhapatnam :বিশাখাপট্টনমত সন্ধানহীন চামগুৰিৰ সুকুমাৰ দাস