Local, Vocal, Global

Assam man Goes Missing In Kerala : বহিঃ ৰাজ্যত কৰ্ম সংস্থাপনৰ বাবে গৈ নিৰুদ্দেশ ধিঙৰ চালনাবড়িৰ যুৱক

ধিং,৭জানুৱাৰী : পুনৰ বহি:ৰাজ্যত সন্ধানহীন অসমৰ লোকৰ।

কামৰ সন্ধানত প্ৰতিবছৰে অসমৰ পৰা বহু যুৱক-যুৱতী অসমৰ বাহিৰলৈ ওলাই যায় ৷ কামৰ সন্ধানত বহি:ৰাজ্যলৈ ওলাই যায় অসমৰ যুৱক যুৱতী।

ভাৰতৰ প্ৰায় প্ৰতিখন ৰাজ্যতে ভৰি আছে অসমৰ যুৱক-যুৱতীৰে ৷ স্বাৱলম্বী হৈ নিজৰ লগতে পৰিয়াল পোহপাল দিয়াৰ মানসেৰে ওলাই যোৱা বহু অসমীয়াই কিন্তু ৰাজ্যৰ বাহিৰত প্ৰাণ হেৰুওৱাৰ কাহিনীও আমি প্ৰায়ে শুনিবলৈ পাওঁ৷ উপযুক্ত কৰ্মসংস্থাপনৰ অভাৱত অসমৰ হাজাৰ হাজাৰ নিৱনুৱাই কৰ্মসংস্থাপন বিচাৰি কেৰেলা, বাঙ্গালুৰু, হায়দৰাবাদ, চেন্নাই আদি বহিঃৰাজ্যলৈ ঢাপলি মেলে । ইতিমধ্যে দেশৰ বিভিন্ন স্থানত অসমৰ হাজাৰ হাজাৰ যুৱক শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছে(Assam man Goes Missing In Kerala)।

কিন্তু বহিঃৰাজ্যত কৰ্মৰত হৈ থকা অসমীয়া লোক নিৰাপত্তাহীনতাত ভোগা দেখিবলৈ পোৱা গৈছে। প্ৰতিদিনে বহিঃৰাজ্যত কৰ্মৰত যুৱক-যুৱতী ৰহস্যজনকভাৱে নিখোঁজ, মৃত্যু হোৱাৰ খবৰে ইয়াক অধিক দৃঢ় কৰি তুলিছে৷

প্ৰায়েই সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰা দেখা যায় এনে ঘটনাসমূহে । বৰ্ণবৈষম্যকে ধৰি বিভিন্ন কাৰণত অসমীয়া ব্যক্তি সন্ধানহীন হোৱাৰ লগতে বহি:ৰাজ্যত অসমীয়াক হত্যা কৰাৰ ঘটনা আজিকালি দৈনিক দৃশ্যমান ৷ ইয়াৰ সমান্তৰালকৈ পুনৰ পোহৰলৈ আহিছে আন এক ঘটনা।

পুনৰ বহিঃৰাজ্যত সন্ধানহীন অসমৰ লোক । বহিঃ ৰাজ্যত কৰ্ম সংস্থাপনৰ বাবে গৈ নিৰুদ্দেশ ধিঙৰ চালনাবড়িৰ যুৱক ।

জানিব পৰা মতে,চালনাবড়ি গাঁৱৰ ৰিয়াজ উদ্দিনৰ পুত্ৰ আছিকুল ইছলাম (২০)য়ে সাত মাহ পূৰ্বে কামৰ সন্ধানত গৈছিল কেৰেলা লৈ। ৫ জানুৱাৰীত টিকট কাটি ৰে’লেৰে ঘৰলৈ আহোতে আজি পুৱা ৫ মান বজাত গোদৰা ৰোড ৰে’ল জংচনৰ পৰা নিৰুদ্দেশ হয়।

পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰিও এতিয়া লৈকে কোনো সন্ধান উলিয়াব পৰা নাই। পৰিয়ালৰ লোকে আছিকুল ইছলাম সন্ধানহীন হোৱা বুলি আহোম গাওঁ আৰক্ষী পহৰা চকীৰত এজাহাৰ দাখিল কৰে । যদি কোনো সদাশয় ব্যক্তিয়ে আছিকুল ইছলামৰ কোনো সন্ধান পাই তেন্তে 6001205848 নাইবা 8811971519 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায় পৰিয়ালৰ লোকে।

লগতে পঢ়ক :Dergaon News:দ্বিতীয় বৈকুণ্ঠপুৰীলৈ ৰূপান্তৰিত হৈছে সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ